শিক্ষয়ত্ৰী ফাতেমাই এয়া কি কৰিলে? ৮জন বিবাহিত পুৰুষৰ পৰা কোটি টকা লুটিলে....

মহিলাগৰাকীৰ নাম ফাতেমা। দেখাতো ধুনীয়া। দেখাত ধুনীয়া হোৱাৰ বাবেই একাংশ পুৰুষৰ দুৰ্বলতাৰ সুযোগ লৈ ফাতেমা হৈ পৰিল কোটিপতি। ধুনীয়া চেহেৰা আৰু মিঠা মাতৰ প্ৰতি আকৰ্ষিত হৈ বহু পুৰুষে ফাতেমাক দিছিল

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dddd

ডিজিটেল ডেস্কঃ মহিলাগৰাকীৰ নাম ফাতেমা। দেখাতো ধুনীয়া। দেখাত ধুনীয়া হোৱাৰ বাবেই একাংশ পুৰুষৰ দুৰ্বলতাৰ সুযোগ লৈ ফাতেমা হৈ পৰিল কোটিপতি। ধুনীয়া চেহেৰা আৰু মিঠা মাতৰ প্ৰতি আকৰ্ষিত হৈ বহু পুৰুষে ফাতেমাক দিছিল বিয়াৰ প্ৰস্তাৱ। ফাতেমাইও কাৰোৰে প্ৰস্তাল অগ্ৰাহ্য কৰা নাছিল। এখন দুখনকৈ এনেকৈয়ে ফাতেমাই ৮গৰাকী পুৰুষৰ সৈতে বিয়াত বহিল। 

বিয়া হোৱাৰ পাছতে ফাতেমাই আৰম্ভ কৰি দিয়ে স্বামীৰ সকলো সা-সম্পত্তি নিজৰ কৰি লোৱাত। সমীৰা ফাতেমা নামৰ এই মহিলা গৰাকী পেছাত এগৰাকী শিক্ষক। বিয়াত বহা ৮গৰাকা স্বামীৰ পৰা কোটি কোটি টকাৰ সম্পত্তি নিজৰ কৰি ললে ফাতেমাই। বিয়া হোৱাৰ পাছতে ফাতেমাই আৰম্ভ কৰে ব্লেকমেইলিং। তাৰ পিছতে সকলো সম্পত্তি নিজৰ নামত লিখি লয়।

ফাতেমাৰ এনে কাৰ্যত অতিষ্ঠ হৈ এগৰাকী স্বামীয়ে অৱশেষত থানাত তৰিলে গোচৰ। ফাতেমাক ধৰি অনাৰ পাছতহে পোহৰলৈ আহিল এই সকলোবোৰ বিস্ফোৰক তথ্য।  আৰক্ষীয়ে সদৰি কৰা মতে, ধনী আৰু বিবাহিত পুৰুষক টাৰ্গেট কৰি ল. ফাতেমাই।  ৰিৰ্জাভ বেংকৰ উচ্চ পদস্থ বিষয়াও সাৰি যোৱা নাছিল ফাতেমাৰ জালৰ পৰা।

ফাতেমা এতিয়া মহাৰাষ্ট্ৰৰ নাগপুৰ আৰক্ষীৰ জালত। ফাতেমাৰ সৈতে কেইবাগৰাকীও লোক জড়িত হৈ থকাৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে। 

নাগপুৰ