কাছমাৰীৰ পথাৰত মুকলি পৰিৱেশত মঞ্চস্থ হ'ল পাঁচখনকৈ শিশুনাট...

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই শিশুনাট সমাৰোহতে বৰজহাৰ কমলাবাৰী শাখা সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰদীপ কুমাৰ বৰাক 'কাঁচিয়লি বঁটা'-২০২৬ প্ৰদান কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ কাছমাৰীৰ বৰাগাঁৱৰ পথাৰত সোমবাৰে অনুষ্ঠিত হয় 'কাঁচিয়লি শিশুনাট সমাৰোহ' । তৃতীয়টো বৰ্ষৰ বাবে বাঁহ আৰু নৰাৰে সজ্জিত আটকধুনীয়া মঞ্চত কৃত্ৰিম পোহৰ আৰু শব্দযন্ত্ৰ অবিহনেই অনুষ্ঠিত হয় এই নাট সমাৰোহ। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই শিশুনাট সমাৰোহতে বৰজহাৰ কমলাবাৰী শাখা সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰদীপ কুমাৰ বৰাক 'কাঁচিয়লি বঁটা'-২০২৬ প্ৰদান কৰে। 

সত্ৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিগত চাৰি দশকধৰি শিল্পী গৰাকীয়ে আগবঢ়াই অহা অনবদ্য বৰঙণিৰ বাবেই তেওঁক এই বঁটাৰে সন্মানিত কৰা হয়। নাট সমাৰোহৰ অংশৰূপে কাঁচিয়লি নামৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানটিয়ে 'সন্ধিৰ বাঁহ বুদ্ধিৰে কাটো আহ', মৰিগাঁৱৰ মুখা সাংস্কৃতিক কেন্দ্ৰই 'সপোন', অসম নাট্য সন্মিলনৰ কাঁচিয়লি শাখাই 'মং ডুন চুন খাম', খালৈগাঁৱৰ লাচিত বৰফুকন মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ে 'শেষ নোহোৱা সাধু' আৰু পুৰণিগুদামৰ নৱসৃষ্টি নাট্য গোষ্ঠীয়ে 'বিলাতলৈ যাব বুবু আৰু দিপালী' নামৰ নাটকেইখন পৰিৱেশন কৰে ।

নগাওঁ