/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-17-00-08.jpg)
ডিজিটেল ডেস্কঃ অসমৰ বুকুত বসবাস কৰা বিভিন্ন জনজাতিৰ স্বকীয় কৃষ্টি আৰু সংস্কৃতিৰ সুবাসে এই ভূখণ্ডক অনন্য মৰ্যাদা প্ৰদান কৰিছে। বিশেষকৈ বড়ো, মিচিং, কাৰ্বি, ডিমাচা আদিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকসংগীত আৰু লোকনৃত্যই অসমীয়া সংস্কৃতিৰ বিচিত্ৰতাক বিশ্বৰ দৰবাৰত জিলিকাই তুলিছে।
এই বাৰেৰহণীয়া সাংস্কৃতিক পৰম্পৰাসমূহৰ মাজত বড়োসকলৰ বাগুৰুম্বা নৃত্যই বিশেষ স্থান দখল কৰি আহিছে, যি কেৱল এটা নৃত্যই নহয় বৰঞ্চ একতা, শান্তি আৰু প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্কৰ এক ছন্দোময় প্ৰকাশ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2026-2026-01-08-16-55-28.jpeg)
উল্লেখ্য যে- অসমৰ এই সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ মঞ্চত তুলি ধৰাৰ নিৰন্তৰ লক্ষ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিহু আৰু ঝুমুৰৰ পাছত এইবাৰ বড়োসকলৰ বাগুৰুম্বা নৃত্যৰ এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ অংশস্বৰূপে, তেখেতৰ গৌৰৱময় উপস্থিতিত অহা ১৭ জানুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যখনৰ প্ৰায় ১০ হেজাৰৰো অধিক শিল্পীয়ে এই বাগুৰুম্বা নৃত্য পৰিবেশন কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2-2026-01-08-16-55-42.jpeg)
উল্লেখযোগ্য যে, "বাগুৰুম্বা দহৌ নৃত্য" শীৰ্ষক এই ঐতিহাসিক কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে নগাঁৱত। ইয়াৰে অংশস্বৰূপে জিলাখনৰ পৰা নিৰ্বাচিত প্ৰায় ৪০০ গৰাকী নৃত্য শিল্পীৰ উপস্থিতিত নগাঁও আৰক্ষী চাউনীৰ খেলপথাৰত বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হয়।
এই প্ৰশিক্ষণ শিবিৰত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি শিল্পীসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। কান্ধত বড়ো লোকবাদ্য 'খাম' লৈ জিলা আয়ুক্তগৰাকীয়ে বাগুৰুম্বাৰ তালে তালে নৃত্যশিল্পীসকলৰ সৈতে নৃত্য পৰিৱেশন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-imag-2026-01-08-16-55-59.jpeg)
উক্ত কৰ্মশালাত জিলা অতিৰিক্ত আয়ুক্ত দেবাহুতি বৰা, সহকাৰী আয়ুক্ত ধৰ্মৰাজ কলিতা আৰু জিলা সাংস্কৃতিক বিষয়া নম্ৰতা বৰাৰ লগতে মাষ্টাৰ ট্ৰেইনাৰসকল উপস্থিত থাকে। এই বৃহৎ আয়োজনৰ জৰিয়তে অসমৰ বাৰেৰহণীয়া জনজাতীয় সংস্কৃতিয়ে বিশ্বৰ বুকুত এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰে উদ্যোক্তাসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us