বনকৰ্মীক আগুছি ধৰি ক্ষোভ নগাঁৱৰ জলাহ গাঁৱৰ ৰাইজৰ

নগাঁৱৰ জলাহ গাঁৱত পুৱাই বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৩জন‌ ব্যক্তি। ইপিনে ঘটনা সংঘটিত হোৱাৰ পাছত  বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছিল বন‌ বিভাগৰ লোক।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ  নগাঁও সদৰ আঞ্চলিক বন বিভাগৰ বনকৰ্মীক আগুছি ধৰি ক্ষোভ উজাৰিলে নগাঁৱৰ জলাহ গাঁৱৰ ৰাইজে। নগাঁৱৰ জলাহ গাঁৱত পুৱাই বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৩জন‌ ব্যক্তি। ইপিনে ঘটনা সংঘটিত হোৱাৰ পাছত  বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছিল বন‌ বিভাগৰ লোক।

উল্লেখ্য যে, বনবিভাগৰ এনে কামৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে। বন বিভাগৰ সন্মুখতেই বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। 

নগাওঁ