নগাঁও নাট্য সন্মিলনৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

নগাঁও নাট্য সন্মিলনৰ কাৰ্যালয়ৰ দায়িত্বত থকা ৰাজ জ্যোতি দাসৰ আৱাসত নিশা দুৰ্বৃত্তই দৰ্জাত চোকা অস্ত্ৰৰে মৰিয়াই দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁও নাট্য সন্মিলনৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে নগাঁও সমীপৰ বেবেজীয়াৰস্থিত নাট্য সন্মিলনৰ কাৰ্যালয়ত।  

উল্লেখ্য যে, কাৰ্যালয়ৰ দায়িত্বত থকা ৰাজ জ্যোতি দাসৰ আৱাসত নিশা দুৰ্বৃত্তই দৰ্জাত চোকা অস্ত্ৰৰে মৰিয়াই দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে । চাংকি নামৰ বেবেজীয়াৰ জামগুৰি দুৰ্বৃত্তটোক বৰ্তমান সদৰ থানাত ৰাখি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। 

নগাওঁ