/asomiyapratidin/media/media_files/2025/12/16/1-2025-12-16-10-39-22.jpg)
ডিজিটেল সংবাদ,নগাওঁঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। এইবাৰ কচুৱা থানাৰ অন্তৰ্গত ৰাজাআলিত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। গোপন খৱৰৰ ভিত্তিত কছুৱা আৰক্ষী থানাৰ এটা দলে অভিযান চলাই হাবিবুৰ ৰহমান নামৰ এজন লোকক আটক কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/ab45f578-f5d0-4adc-829b-9ce5bce98395-2025-12-16-10-38-22.jpg)
উল্লেখ্য যে, ৩ টা প্লাষ্টিকৰ কণ্টেনাৰত সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰে। হেৰ'ইন খিনিৰ ওজন ১-০৫ গ্ৰাম বুলি আৰক্ষীয়ে জানিব দিয়ে। পাছত আৰক্ষীয়ে হেৰ'ইন খিনি জব্দ কৰি অভিযুক্তৰ বিৰুদ্ধে আইনগত ব্যৱস্থাৰ বাবে আৰক্ষী থানালৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/b6efb5ae-6c2.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us