/asomiyapratidin/media/media_files/2025/12/07/1-2025-12-07-16-25-23.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত বৰজহা মজলীয়া বিদ্যালয়-এ আগন্তুক ২০২৬ ত ভৰি থব শতবৰ্ষত। ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ শতবৰ্ষ উদযাপনৰ লক্ষ্যৰে বিদ্যালয়ৰ সভাগৃহত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয় । বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বিতোপন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-2025-12-07-16-26-04.jpeg)
বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰাৰ উপৰিও চলিত বৰ্ষৰ ২৫ ডিচেম্বৰৰ বিয়লি ১.০০ বজাত ৰাজহুৱা সভা আহ্বান কৰিবলৈ এখন এঘাৰজনীয়া আহ্বায়ক সমিতি গঠন কৰি দিয়া হয় । সভাৰ সিদ্ধান্ত অনুসৰি আহ্বায়ক সমিতিত অন্তৰ্ভুক্ত হোৱা সদস্য কেইজন হৈছে বিতোপন দাস, তৰুণ চন্দ্ৰ দাস, প্ৰবীন মজুমদাৰ, গৌৰীশংকৰ বৰা, দুৰ্লভ বৰা, পৰাগ বৰা, জ্যোতিপ্ৰসাদ বৰা, মনোজ শৰ্মা, দিপাংকৰ হাজৰিকা, দিপাংকৰ শৰ্মা আৰু দ্বীপজ্যোতি বৰা ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-image-2025-12-07-16-26-23.jpeg)
উল্লেখ্য যে, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ বিশ বছৰ পূৰ্বেই অৰ্থাৎ ১৯২৭ চনতেই নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ বৰজহা গাঁৱত স্থাপন হৈছিল বৰজহা মজলীয়া বিদ্যালয় । অঞ্চলটোৰ একাংশ দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লোৱা এই শিক্ষানুষ্ঠানখনি হৈছে নগাঁও জিলাৰ এক অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান । শতিকা প্ৰাচীন এই শিক্ষানুষ্ঠানখনত এসময়ত বৰজহা, দক্ষিণপাটৰ উপৰিও ম'হমৰীয়া, কৃষ্ণাইখাট, ডাকৰঘাট, ঘাঁহী, হাতীগড়, দেউৰীগাঁও, বালিগাঁও, বৰক'লা গাঁৱৰ পৰাও শিক্ষাৰ্থী আহি অধ্যয়ন কৰিছিল । এনে এখন শিক্ষানুষ্ঠানৰ শতবৰ্ষ উদযাপন কৰাটো এক পৰম সৌভাগ্যৰ বিষয় বুলি অভিহিত কৰি প্ৰস্তুতিমূলক সভাত উপস্থিত ৰাইজে এইক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় । ইপিনে, আগন্তুক ২৫ ডিচেম্বৰত বিয়লি ১.০০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাখনত অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰো উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে শতবৰ্ষ উৎসৱ প্ৰস্তুতিৰ আহ্বায়ক সমিতিখনে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us