নগাঁৱত ড্ৰাগছ দাহন কাৰ্যসূচী

নগাঁও আৰক্ষীৰ উদ্যোগত নগাঁৱৰ মহখুলিত দাহন কৰা হ'ব ড্ৰাগছ। সৰ্বমুঠ ১৭কোটি ৫০লাখ ৭০হাজাৰ ৯৫০টকাৰ মূল্যৰ ড্ৰাগছ দাহন কৰিব আৰক্ষী প্ৰশাসনে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱত আজি হব ড্ৰাগছ দাহন কাৰ্যসূচী। নগাঁও আৰক্ষীৰ উদ্যোগত নগাঁৱৰ মহখুলিত দাহন কৰা হ'ব ড্ৰাগছ।

উল্লেখ্য যে, দাহন কৰা ড্ৰাগছৰ পৰিমাণ ক্ৰমে- হেৰ‌ইন-৬.৩৪৬ কেজি,গাঞ্জা--২৪৮কেজি ৮৯৫গ্ৰাম,কফ চিৰাফ--৩৬২৩টা, নিচাযুক্ত টেবলেট-৬৪১৩২,চিগাৰেট আৰু টমবাকু প্ৰডাক্ট-২৫০০ বুলি জানিব দিয়ে। ইপিনে সৰ্বমুঠ ১৭কোটি ৫০লাখ ৭০হাজাৰ ৯৫০টকাৰ মূল্যৰ ড্ৰাগছ দাহন কৰিব বুলি জানিব পৰা গৈছে। 

নগাওঁ