/asomiyapratidin/media/media_files/2026/01/17/1-2026-01-17-16-24-33.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱত দিনক দিনে বৃদ্ধি পাইছো চোৰৰ উপদ্ৰৱ। এইবাৰ নগাঁৱৰ ম'হখুলীৰ পাঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় চুৰিকাণ্ড ঘটনা। মুখত কলা কাপোৰ বান্ধি অহা দুটা চোৰে নিশা বেংকটোৰ পৰা প্ৰায় ১লাখ ৭০ হাজাৰ টকা চুৰ কৰি উধাও হয়। ইপিনে এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় চি চি টিভি কেমেৰাত।
/asomiyapratidin/media/post_attachments/23557248-0f3.png)
উল্লেখ্য যে,জনবসতিপূৰ্ণ অঞ্চলত এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছত স্থানীয় ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ মাজত শংকা বিৰাজ কৰিছে। ইপিনে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দিলদাৰ হুছেইনে বৰ্তমান ইটাচালী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
/asomiyapratidin/media/post_attachments/c445d586-68c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us