নৱবৰ্ষৰ প্ৰাকক্ষণত নগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৰৈ থকা অৱস্থাত এখন বাহনত পিছ ফালৰ পৰা এখন ডাম্পাৰে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । আহত তাৰিজুৰ জামান উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণত নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ননৈ পানিখাতিত থিতাতে দুজন নিহত হোৱাৰ লগতে এজন আহত হয়। নিহত পূজা লস্কৰ ৰেজিমল হক আৰু আহত তাৰিজুৰ জামান। 

ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৰৈ থকা অৱস্থাত এখন বাহনত পিছ ফালৰ পৰা এখন ডাম্পাৰে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । আহত তাৰিজুৰ জামান উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS02 AV 5099। আনহাতে দুৰ্ঘটনা  সংঘটিত কৰা ডাম্পাৰ খনে সেই স্থানৰ পৰা পলায়ন কৰে ।

পথ দুৰ্ঘটনা নগাওঁ