চকলাঘাটত বান্দৰ-মানুহৰ সংঘাত, গুৰুতৰভাৱে আহত ব্যৱসায়ী..

নগাঁও জিলাৰ হাতীচোং মৌজাৰ এলেকাধীন বৃহত্তৰ চকলাঘাটত বান্দৰ আৰু মানুহৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত অব্যাহত থকাৰ মাজতে ইয়াৰ পৰিণতিত চকলাঘাটত এজন ব্যৱসায়ী গুৰুত্বৰভাবে আহত হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

author-image
Asomiya Pratidin
New Update
ককক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ এলেকাধীন বৃহত্তৰ চকলাঘাটত বান্দৰ আৰু মানুহৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত অব্যাহত থকাৰ মাজতে ইয়াৰ পৰিণতিত চকলাঘাটত এজন ব্যৱসায়ী গুৰুত্বৰভাবে আহত হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আহত পঞ্চাশোৰ্ধ্বৰ ব্যৱসায়ীজন চকলাঘাটৰ ক্ষেত্ৰীগাঁৱৰ নিবাসী অনন্ত বৰা বুলি জানিব পৰা গৈছে৷ আচলতে, ঘৰৰ কিছু নিলগতে এখন গেলামালৰ দোকানৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি থকা ব্যৱসায়ীজনৰ দোকানৰ টিনপাতৰ চালিৰ ওপৰত আনদিনাৰ দৰে যোৱা ১০ ডিচেম্বৰত কেইবাটাও বান্দৰে আহি উপদ্ৰৱ চলোৱাত ব্যৱসায়ীজন অতিষ্ঠ হৈ বান্দৰকেইটাক খেদি যায়।

তেতিয়া বান্দৰকেইটা যেনিয়ে-তেনিয়ে জপিয়াই পলাবলৈ ধৰে৷ তেনে অৱস্থাত দুটামান বান্দৰ দোকানখনৰ কাষতে থকা এডাল তামোল গছেৰে জপিয়াই পলাওতে তামোলদালৰ ওপৰৰ কিছু অংশ ভাগি আহি ব্যৱসায়ীজনৰ মুৰৰ ওপৰতে পৰে৷

লগে লগে ব্যৱসায়ীজন মাটিত ঢলি পৰে আৰু মুৰ ফাটি যথেষ্ট ৰক্তক্ষৰণ হ’বলৈ ধৰে৷ লগে লগে স্থানীয় লোকে ব্যৱসায়ীজনক উদ্ধাৰ কৰি পৰিয়ালৰ সহযোগত ততাতৈয়াকৈ নগাঁও চহৰৰ নি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আঘাত অতি গুৰুত্বৰ হোৱাত চিকিৎসকে পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

নগাঁও