/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/40a25d81-f644-4602-adbd-68af31f2f2d7/c4e1e09c_cf9b_4004_816c_5b747e8ecf04.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ ছাত্ৰী জান্নাত তমলিনা হাছান আৰু ফাৰিহা ইছলামে ভাৰতৰ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ 'চেন্টাৰ ফৰ কালচাৰেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং'ৰ তৰফৰ পৰা সদ্য ঘোষিত চিত্ৰকলা বিষয়ত ২০২৩-২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছে।
নগাঁৱৰ নিবাসী জুল হাছান উদ্দিন আৰু তমজিদা বেগমৰ কন্যা জান্নাত তমলিনা হাছান আৰু নগাঁও নিবাসী শ্বাহাদুল ইছলাম আৰু ৰাহিলা খাতুনৰ কন্যা ফাৰিহা ইছলাম।
নগাঁৱৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী জান্নাত। আনহাতে নগাঁৱৰ ছেন্ট বনিফেচ্ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ফাৰিহা। দুয়োগৰাকী ছাত্ৰীয়ে আন্তৰ্জাতিক খ্যাতি সম্পন্ন চিত্ৰশিল্পী সুজিত দাসৰ তত্বাৱধানত অসমৰ পুথিচিত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
পোনপ্ৰথমবাৰৰ বাবে চিত্ৰকলাৰ বাবে নগাঁৱৰ জান্নাত আৰু ফাৰিহালৈ ৰাষ্ট্ৰীয় জলপানিৰ খবৰ পোৱাৰ পাছত নগাঁৱৰ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।