/asomiyapratidin/media/media_files/2025/03/21/RLJY0Z0iJgfExZuq1zeN.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। নগাঁও আৰক্ষীৰ চিচিটিএনএছ(CCTNS) গোটে বিভিন্ন সময়ত উদ্ধাৰ কৰা মোবাইল ফোন আজি প্ৰকৃত গৰাকীৰ হাতত অৰ্পণ কৰে। উল্লেখ নগাঁৱত মোবাইল চুৰি ,পথচাৰীৰ পৰা মোবাইল কাঢ়ি নিয়া ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে।
চুৰি মোবাইল বা অন্য কাৰণত নোহোৱা হোৱা মোবাইল নগাঁও আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ আৰক্ষীয়ে ২৯ টা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ উল্লিখিত গোটৰ আৰক্ষী জোৱান জয়ন্ত শইকীয়া ,ভাস্কৰ দাস আৰু কবিৰ চৌধুৰীয়ে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। আজি নগাঁও সদৰ আৰক্ষীৰ থানাত অনুষ্ঠিত এক অনুষ্ঠানত নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰা মোবাইল সমুহ গৰাকীক চমজাই দিয়ে।