নগাঁৱত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ...

নগাঁৱত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ...
Published on
Updated on

ডিজিটেল সংবাদ , নগাঁও : ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁৱৰো ভিন্ন স্থানত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে বোমা সংস্থাপিত কৰি থোৱা খবৰে নগাঁও আৰক্ষীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। এই ঘটনাই নগাঁৱত সৰ্বস্তৰৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰে। উল্লেখ্য যে,কালি স্বাধীনতা দিৱসৰ দিনা পুৱাৰ ভাগত আলফাই (স্বাধীন ) এক বিবৃতিযোগে প্ৰকাশ কৰিছিল যে অসমৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ বৰঘাট আৰু নগাঁও - ৰূপহীহাট গড়কাপ্তানী পথৰ হৰহৰিয়াজানৰ সমীপৰ আদিত্য নাৰ্ছিং হোমৰ কাষৰ আছুতীয়া স্থানত দুটাকৈ বোমা পুতি থোৱা আছে।

আলফাৰ বিবৃতিৰ পিছতেই নগাঁও আৰক্ষীত হুৱাদুৱাৰ সৃষ্টি হয়। লগে লগে নগাঁও আৰক্ষীয়ে উল্লিখিত স্থান দুটাত অভিযান চলাই বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰে। এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত কয়," কেবাটাও পেকেট আছিল। সেই বোৰ খুলি চোৱাত দেখা গল তাত কোনো বোমাৰ লক্ষণ নাই। আৰক্ষীৰ কাৰিকৰী বিশেষজ্ঞৰ দলেও পৰীক্ষা কৰিছে যদিও কোনো বিস্ফোৰক সামগ্ৰী নাই। তদুপৰি বোমত থাকিব লগা চাৰ্কিট বা ডিভাইচ নাই।"আৰক্ষী অধীক্ষক গৰাকীয়ে এয়া বোমা নহয় বুলি নিশ্চিত কৰে।

ইপিনে বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছতে নগাঁও আৰক্ষীয়ে আলফাৰ কাম কাজৰ সম্পৰ্কে অনুসন্ধান আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰে। ইয়াৰ অংশ হিচাপে নগাঁও আৰক্ষীয়ে একাংশ প্ৰাক্তন আলফা সদস্যক আৰক্ষী থানালৈ তলৱ কৰে। জিলাখনৰ ধিং ,জাজৰি ,বটদ্ৰৱা ,কলিয়াবৰ , চামগুৰি আৰক্ষী থানাৰ এলেকাধীন অঞ্চলৰ কুৰিজনৰো অধিক প্ৰাক্তন আলফা সদস্যক থানালৈ তলৱ কৰে। তেওঁলোকক সোধপোচ কৰাৰ পিছত ঘৰলৈ যাবলৈ দিয়ে বুলি জানিব পৰা গৈছে। প্ৰাক্তন আলফা সদস্যৰ একাংশক থানালৈ আনি সোধপোচ কৰাত প্ৰাক্তন আলফা সদস্য সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in