নগাঁৱৰ সৰবৰহী মহিলা তৰুলতা দেৱীৰ মৃত্যু...

সৰবৰহী মহিলা তৰুলতা দেৱীৰ মৃত্যু । ৫৭ বংছৰ বয়সত শেষ নিশ্বাস ত্যাগ তৰুলতা দেবীৰ । মৃতভাষী , অমায়িক , ধৰ্মপ্ৰানা মহিলা তৰুলতা দেৱীৰ মৃত্যুৰ বাতৰিয়ে শোকৰ চাঁ পেলাইছে নগাঁও চহৰৰ ফৌজদাৰী পট্টিত । 

author-image
Asomiya Pratidin
New Update
ijijf

ডিজিটেল সংবাদ, নগাঁওঃ  সৰবৰহী মহিলা তৰুলতা দেৱীৰ মৃত্যু । ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ তৰুলতা দেবীৰ । মৃতভাষী , অমায়িক , ধৰ্মপ্ৰানা মহিলা তৰুলতা দেৱীৰ মৃত্যুৰ বাতৰিয়ে শোকৰ চাঁ পেলাইছে নগাঁও চহৰৰ ফৌজদাৰী পট্টিত । 

Advertisment

ফৌজদাৰীপট্টিৰ পুলিচ হস্পিতালৰৰ ওচৰৰ ঋষভ মহন্তৰ পত্নী তৰুলতা দেৱী কিছুদিন ধৰি অসুস্হ হৈ আছিল । মধুমেহ ৰোগত আক্ৰান্ত দেৱী বৃহস্পতি বাৰে নিশা গুৰুতৰ ভাবে অসুস্হ হৈ পৰাত পৰিয়ালৰ লোকে জৰুৰী ভাবে গুৱাহাটী চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাৰ দিহা কৰিছিল ।

আজি চিকিৎসাধীন অৱস্হাত বিয়লি ৩ বাজি ৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ।  প্ৰয়াত তৰুলতা দেৱীৰ নশ্বৰ দেহ সন্ধ্যা গুৱাহাটীৰ পৰা নগাঁৱলৈ অনা হয় ।

নগাওঁ