/asomiyapratidin/media/media_files/2025/05/25/T1cj243ZGcmUM8YOuBsk.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ শালনা চাহ বাগিচাত অসম সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয়। পুৱা শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০শৰৎ বৰকটকী,সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, সাংগঠনিক সম্পাদক দীপিকা নাথ,প্ৰকাশন সমিতিৰ আহ্বায়ক মহেশ নাথ, ঐতিহ্য ৰক্ষা সমিতিৰ উপ-সভাপতি সুৰজিৎ গোস্বামী , জিলা কাৰ্যনিৰ্বাহক সদস্য ৰাতুলেশ্বৰ গোস্বামী উপস্থিত হোৱাৰ পিছত মাদল বজাই, ঝুমুৰ নৃত্যৰ প্ৰদৰ্শণ কৰি আদৰণি জনায় আৰু জিলা সাহিত্য সভাৰ বিষ়ববীয়াই ৪ জোপা বৃক্ষ ৰোপন কৰে। জিলা সাহিত্য সভাৰ সভাপতি ড০শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰায় দুই শতাধিক চাহ জনগোষ্ঠী লোকে অংশগ্ৰহণ কৰে।
চাহ জনগোষ্ঠী নেতা,প্ৰাক্তন চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি সীমাঞ্চল দীগালে আদৰণি ভাষণ দিয়াৰ পিছত জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই চাহ জনগোষ্ঠী সকলক লৈ সাহিত্য সভাৰ শাখা খোলাৰ প্ৰয়োজন সম্পৰ্কে বহলাই বাখ্যা কৰে। সভাত সভাপতি ড০ বৰকটকীয়ে কয় যে "চাহ জনগোষ্ঠী অসমৰ এক বৃহৎ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ভেটি শক্তিশালী কৰিছে।" অসমীয়া সাহিত্য চহকী কৰা চাহ জনগোষ্ঠী সাহিত্যিক সকলৰ বিষয়ে উল্লেখ কৰি ড০বৰকটকীয়ে কয় যে নগাঁও জিলা সাহিত্য সভাই চাহ জনগোষ্ঠীৰ প্ৰতিভাবান নতুন লেখক লেখিকাৰ লিখনী প্ৰকাশ কৰাৰ আঁচনি হাতত লৈছে।তদুপৰি চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে।
সভাত জিলা সাহিত্য সভাৰ উপসভাপতি নবীন বৰঠাকুৰেও ভাষণ প্ৰদান কৰে।কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকা,সম্পাদক জগত মেধিয়েও ভাগ লয়। নগাঁও জিলা চাহ জনগোষ্ঠী ছাত্ৰ সন্থা,আদিভাষী ছাত্ৰ সন্থাৰ জিলাৰ সভাপতি, সম্পাদকে এই সভাত অংশগ্ৰহন কৰে আৰু সাহিত্য সভাৰ সভাপতি, সম্পাদকক আদৰণি জনায়।
সভাত সকলোৰে সন্মতি ক্ৰমে চাহ বাগিছা শাখা সাহিত্য সভাৰ সভাপতি মঙ্গল নায়ক আৰু সম্পাদক হিচাপে ৰাম বিকাশ তাঁতীক নিৰ্বাচন কৰে।চাহ জনগোষ্ঠীৰ অন্যতম কবি প্ৰতিমা ৰাজৱাৰক পত্ৰিকা সম্পাদক হিচাপে নিৰ্বাচন কৰে।
অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতীযে শুভেচ্ছা বাণী প্ৰেৰণ কৰে আৰু চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সভাপতি গোলাপ চন্দ্ৰ তংলাই অসম সাহিত্য সভাৰ লগত সম্পৰ্ক ৰক্ষা কৰি জনগোষ্ঠী হৈ সাহিত্যৰ বিকাশৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।মঙ্গল নায়ক আৰু অঞ্জনা পাহাৰীয়াই ঝুমুৰ গীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে।
সভাত জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ বাবে চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালক সভাপতি আৰু উদন চহৰীয়াক সম্পাদক হিচাপে লৈ এখন প্ৰস্তুতি সমিতি গঠন কৰে।
প্ৰতিমা ৰাজৱাৰে শলাগ শৰাই আগবঢ়াই আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলে দীপিকা নাথৰ নেতৃত্বত জাতীয় সংগীত পৰিবেশন কৰে।উল্লেখ যোগ্য যে কলিয়াবৰ শাখা সাহিত্য সভাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস এইবাৰ শালনাত অনুষ্ঠিত কৰিব বুলি শাখা সম্পাদক জগত মেধিয়ে ঘোষণা কৰে। নগাঁও জিলা সাহিত্য সভাই চাহ বাগিচাত শাখা মুকলি কৰি আজি
এক গুৰুত্ব পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালে মন্ত্যব কৰে।জিলা সাহিত্য সভাৰ তৰফৰ পৰা নতুনকৈ গঠিত প্ৰতিগৰাকী চাহ বাগিছা শাখা সাহিত্য সভাৰ বিষ়ববীয়াসকলক একোখন কৈ গ্ৰন্থ উপহাৰ দিয়ে।