/asomiyapratidin/media/media_files/2025/03/28/0Qa2t6DSDuXwa9HaIfnj.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত নতুনকৈ নিৰ্মাণ হ'বলগীয়া কেইবাটাও আৰ্দশ অঙ্গনবাদী কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনৰ কামৰ আজি শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই।
/asomiyapratidin/media/media_files/2025/03/28/FVNQQgNNFdKrmFaW3D56.jpg)
সমষ্টিটোৰ অন্তৰ্গত বিৰহ বেবেজীয়া আৰ্দশ অঙ্গনবাদী কেন্দ্ৰ, পশ্চিম শেনছোৱা আৰ্দশ অঙ্গনবাদী কেন্দ্ৰ, পশ্চিম টকৌবাৰী আৰ্দশ অঙ্গনবাদী কেন্দ্ৰ, গায়ন গাঁও শিমলুতল মজলীয়া বিদ্যালয় আৰ্দশ অঙ্গনবাদী কেন্দ্ৰ, সোণাইপাৰ আৰ্দশ অঙ্গনবাদী কেন্দ্ৰ, ভোমোৰাগুৰি জুনিয়ৰ বেচিক আৰ্দশ অঙ্গনবাদী কেন্দ্ৰ আৰু শান্তিপুৰ জনজাতি বেচিক আৰ্দশ অঙ্গনবাদী কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনৰ কামৰ শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই "শিশুসকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আটকধুনীয়াকৈ নিৰ্মাণ হ'বলগীয়া আৰ্দশ অঙ্গনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে শিশুসকল যথেষ্ট উপকৃত হ'ব পাৰিব।
/asomiyapratidin/media/media_files/2025/03/28/ID52hEibUGx5MM7KxIkz.jpg)
এই অংগনবাদী কেন্দ্ৰই গাঁৱত প্ৰাথমিক স্বাস্থ্য সেৱা, পুষ্টি আৰু পৰিপূৰকৰ বিষয়ে শিক্ষা, লগতে শিশুসকলৰ বাবে প্ৰাক-প্ৰথমিক বিদ্যালয় ৰূপে কাম কৰি আছে।" বুলি প্ৰকাশ কৰে। শুভাৰম্ভ অনুষ্ঠান সমূহত নগাঁও জিলা সমাজ কল্যাণ বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকেে।
/asomiyapratidin/media/media_files/2025/03/28/4Or7RFFWMzHFpwz69HYn.jpg)