অসম দেশত আজৱ কাণ্ড! কাৰাগাৰত বন্দী হৈও নিয়মীয়াকৈ শিক্ষা বিভাগৰ দৰমহা লাভ মাইনুলৰ....

হত্যাৰ গোচৰত ৪মাহ কাৰাগাৰত থাকিও চৰকাৰী দৰমহা লাভ কৰিছে এজন শিক্ষকে। ৰূপহীহাট হায়াৰ ছেকেণ্ডেৰীৰ বিষয় শিক্ষক মাইনুল হকৰ বিৰুদ্ধে এই অভিযোগ। নগাঁও সদৰ থানাত

author-image
Asomiya Pratidin
New Update
jujss

ডিজিটেল সংবাদ,নগাঁওঃ হত্যাৰ গোচৰত ৪মাহ কাৰাগাৰত থাকিও চৰকাৰী দৰমহা লাভ কৰিছে এজন শিক্ষকে।
ৰূপহীহাট হায়াৰ ছেকেণ্ডেৰীৰ বিষয় শিক্ষক মাইনুল হকৰ বিৰুদ্ধে এই অভিযোগ।

Advertisment

নগাঁও সদৰ থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত নগাঁও বিশেষ কাৰাগাৰত ৪ মাহ ধৰি বন্দী হৈ আছে মাইনুল হক। পিছে শিক্ষা বিভাগে চিকিৎসাজনিত ছূটী প্ৰদান কৰিছে মাইনুলক। নগাঁও শিক্ষা বিভাগক বিপথে পৰিচালিত কৰাৰ অভিযোগ।

১২ বছৰ পূৰ্বে মাইনুলৰ বিৰুদ্ধে ৰুজু হৈছিল ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি), ৩০২ ধাৰাত গোচৰ।নগাঁও সদৰ আৰক্ষী থানাত ৩৭৪/২০১২ নম্বৰত ৰুজু হৈছিল গোচৰ।নগাঁও আৰক্ষীয়ে দোষী স্যবস্ত কৰি দাখিল কৰিছিল অভিযোগনামা।

সেই গোচৰৰ ভিত্তিতে মাইনুলক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল সত্ৰ ন্যায়াধীশৰ আদালতে।পিছে ১মাৰ্চৰ পৰা বৰ্তমানলৈকে চিকিৎসা জনিত ছূটী লৈ মাইনুলে লাভ কৰিছে চৰকাৰী দৰমহা।

নগাঁও