তিনি কন্যা সন্তানক বিচাৰি কামপুৰৰ এহাল পিতৃ-মাতৃৰ হাঁহাকাৰ...

নগাঁও জিলাৰ কচুৱা ৰাঙুলুবস্তি গাৱৰ তিনিগৰাকীকৈ নাবালিকা কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
tini

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱা ৰাঙুলুবস্তি গাৱৰ তিনিগৰাকীকৈ নাবালিকা কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।

শনিবাৰে কচুৱাৰ আলিটাঙনী এম ই স্কুল লৈ ইউনিফৰ্ম পিন্ধি ওলাই গৈছিল ছাবিনা ইয়াচমিন(১৪),তাছৰিফা খাতুন (১২) আৰু তাছলিমা বেগম (১২) নামৰ তিনিগৰাকীকৈ ছাত্ৰী।ইয়াৰে তাছৰিফা আৰু তাছলিমা একে মাকৰ যমজ ভগ্নী।কিন্তু বাটৰ পৰাই তিনিওগাৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষী থানাত লিখিত জাননী দিয়াৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত সংবাদ মাধ্যমৰ যোগেদি এনেদৰে নিজৰ নাবালিকা কন্যা সন্তান কেইটাক বিচাৰি হুকহুকাই কান্দিছে।

ঘৰত সৃষ্টি হৈছে এক শোকাকুল পৰিবেশৰ।কোনো সদাসয় লোকে এই তিনিগাৰাকী ছাত্ৰীৰ সম্ভেদ পালে  60031 90385 অথবা 80112 69582 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পিতৃ মাতৃয়ে।

কামপুৰ