অসম ন্যায়িক সেৱাত উজ্বলিল দেৱাশ্ৰী শইকীয়া...

নগাঁৱৰ প্ৰাক্তন ন্যায়িক বিষয়া তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰয়াত প্ৰশান্ত কুমাৰ শইকীয়াৰ কন্যা দেৱাশ্ৰী শইকীয়াই সদ্যঘোষিত অসম ন্যায়িক সেৱাৰ (AJS) পৰীক্ষাত

author-image
Asomiya Pratidin
New Update
nagionan

ডিজিটেল সংবাদ ,নগাঁওঃ নগাঁৱৰ প্ৰাক্তন ন্যায়িক বিষয়া তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰয়াত প্ৰশান্ত কুমাৰ শইকীয়াৰ কন্যা দেৱাশ্ৰী শইকীয়াই সদ্যঘোষিত অসম ন্যায়িক সেৱাৰ (AJS) পৰীক্ষাত সবোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হৈ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷

জন্মসূত্ৰে নগাঁৱৰ ডিমৰুগুড়িৰ জীয়ৰী তথা বৰ্তমান গুৱাহাটী মহানগৰীৰ স্থায়ী বাসিন্দা দেৱাশ্ৰী শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত এগৰাকী অধিবক্তা হিছাপে সুদীৰ্ঘ সাত বছৰ কৰ্মৰত হৈ আছিল ৷ উল্লেখ্য যে,  দেৱাশ্ৰী শইকীয়াই কটন মহাবিদ্যালয়ৰ পৰা উচ্চতম মাধ্যমিকত কলা শাখাত দশম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল ৷

তেওঁ স্নাতক পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ মেডেল লাভ কৰাৰ লগতে স্নাতকোত্তৰ পৰীক্ষাতো সোনৰ মেডেল লাভ কৰি সুক্ষাতিৰে উৰ্ত্তীণ হৈছিল ৷ তেওঁৰ এই সাফল্যত নগাঁৱত থকা  পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগী আত্মীয় সকলে অভিনন্দন জনাইছে ৷

নগাঁও