কাছমাৰীৰ পথাৰত মুকলি পৰিৱেশত মঞ্চস্থ হ'ল পাঁচখনকৈ শিশুনাট...

দেওঁবাৰে বিয়লি সফলতাৰে সামৰণি পৰে 'কাঁচিয়লি'ৰ শিশুনাট সমাৰোহৰ । নগাঁও জিলাৰ কাছমাৰী মৌজাৰ বৰাগাঁৱৰ পথাৰত দ্বিতীয়টো বৰ্ষৰ বাবে অনুষ্ঠিত হয় এই শিশুনাট সমাৰোহ ।

author-image
Asomiya Pratidin
New Update
কাছমাৰীৰ পথাৰত মুকলি পৰিৱেশত মঞ্চস্থ হ'ল পাঁচখনকৈ শিশুনাট

কাছমাৰীৰ পথাৰত মুকলি পৰিৱেশত মঞ্চস্থ হ'ল পাঁচখনকৈ শিশুনাট

ডিজিটেল সংবাদ , নগাঁও : দেওঁবাৰে বিয়লি সফলতাৰে সামৰণি পৰে 'কাঁচিয়লি'ৰ শিশুনাট সমাৰোহৰ । নগাঁও জিলাৰ কাছমাৰী মৌজাৰ বৰাগাঁৱৰ পথাৰত দ্বিতীয়টো বৰ্ষৰ বাবে অনুষ্ঠিত হয় এই শিশুনাট সমাৰোহ ।

Advertisment

বাঁহ আৰু নৰাৰে সজ্জিত আটকধুনীয়া মঞ্চত কৃত্ৰিম পোহৰ আৰু শব্দযন্ত্ৰ অবিহনে পাঁচখনকৈ শিশুনাট মঞ্চস্থ কৰা হয় । ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক প্ৰবীন হাজৰিকাই উদ্বোধন কৰা এই নাট মহোৎসৱত পৰিৱেশিত হোৱা নাট কেইখন হৈছে কাঁচিয়লিৰ 'ৰসাতল গমন' আৰু 'দ্য বাছ ষ্টপ', সাত্বিক নাট্যগোষ্ঠীৰ 'দৰিকণা মই', জংগমৰ 'ভাওনা নহয় ভাওনা', নৱৰূপ জাতীয় বিদ্যাপীঠৰ 'কুৰুক্ষেত্ৰত খেলিমেলি' ।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানতে প্ৰচাৰবিমুখ শিল্পী তথা সংস্কৃতিৰ সাধক প্ৰদীপ বৰাক 'কাঁচিয়লি বঁটা' -২০২৬ প্ৰদান কৰা হয় । সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই নাট সমাৰোহত তিনিশৰো অধিক নাট্য অনুৰাগী উপস্থিত থাকে ।

নগাঁও