নগাঁৱৰ ৬খন জিলা পৰিষদ, ৩২খন আঞ্চলিক পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়...

নগাঁও জিলাৰ ২৭ জিলা পৰিষদ সমষ্টিৰ ভিতৰত ৭৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও ৬ খন আসনৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ম পত্ৰ প্ৰত্যাহাৰ কৰাত অগপ-বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী বিজয়ী হয়।

author-image
Asomiya Pratidin
New Update
a15b0682-69f5-493e-9479-e23b3bf67c43

ডিজিটেল সংবাদ , নগাঁও:  নগাঁও জিলাৰ ২৭ জিলা পৰিষদ সমষ্টিৰ ভিতৰত ৭৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও ৬ খন আসনৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ম পত্ৰ প্ৰত্যাহাৰ কৰাত অগপ-বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী বিজয়ী হয়।

একেদৰে আঞ্চলিক পঞ্চায়তৰ ১৬৪ সদস্য পদৰ প্ৰাৰ্থীৰ ৩২ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হবলৈ সক্ষম হয়।অন্যহাতেদি ১৬৪০ ৱাৰ্ড সদস্য পদৰ ২০৮ জন প্ৰাৰ্থীয়েই বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হয়। বিজয়ী সকলৰ সকলোৱেই অগপ-বিজেপি মিত্ৰদল সমৰ্থিত প্ৰাৰ্থী। 

বঢ়মপুৰ বিধানসভা সমষ্টিৰ চাৰিখনকৈ জিলা পৰিষদ সমষ্টিৰ তিনিখনতেই বিজেপি প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে ডাম্পাৰ সংক্ৰান্তীয় এক গোচৰত আৰক্ষীয়ে কালি আটক কৰি পৰৱৰ্তী সময়ত জাননী দি মুকলি কৰি দিয়া বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী বৰ্ণালী দেৱীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে।

কালি নিচেই পুৱা বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাৰ বাসগৃহৰ পৰা কামপুৰ আৰক্ষীয়ে ডাম্পাৰ সংক্ৰান্তীয় এক গোচৰত কঠিয়াতলি জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী দেৱীক আটক কৰিছিল।বঢ়মপুৰ বিধানসভা সমষ্টিৰ কঠিয়াতলি জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছ সমৰ্থিত বৰ্ণালী দেৱীৰ বিপৰীতে বিজেপি দলৰ পৰা ৰম্ভা লয়িঙে মনোনয়ন দাখিল কৰিছিল ।

কিন্তু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম মূহুৰ্তত কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী দেৱীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিজেপি প্ৰাৰ্থী ৰম্ভা লয়িং বিনাপ্ৰতিদ্বন্দিতাৰে বিজয় লাভ কৰিবলৈ সক্ষম হয়।ইপিনে বিধায়ক জিতু গোস্বামীয়ে প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ বিধানসভা সমষ্টিৰে যমুনামুখ জিলা পৰিষদ সমষ্টি, বঢ়মপুৰ জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিজেপি প্ৰাৰ্থী  বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হয়। 

একেদৰে মন্ত্ৰী কেশৱ মহন্তই প্ৰতিনিধিত্ব কৰা কলিয়াবৰ বিধানসভা সমষ্টিৰ জিলা পৰিষদ সমষ্টিৰ দুখন আসনত অগপ বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে।কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত চতিয়াল পূৱথৰীয়া জিলা পৰিষদ সমষ্টি, দুৱাৰবাগৰি জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিজেপি প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে বিজয়ী  হয়। 

আনহাতে, নগাঁও বটদ্ৰৱা-বিধানসভা সমষ্টিৰ উৰিয়াগাঁও জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিজেপিৰ প্ৰাৰ্থী গৰাকী বিনাপ্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিবলৈ সক্ষম হয়।কেৱল জিলা পৰিষদ পৰ্য্যায়তেই নহয়, নগাঁও জিলাৰ বহুকেইখন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীয়েও মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰাৰ তথ্য পোৱা গৈছে।

বিশেষকৈ বঢ়মপুৰ বিধানসভা সমষ্টিৰ আঞ্চলিক পঞ্চায়তৰ মুঠ ২৮ খন আসনৰ ১৩ খন আসনতেই বিনাপ্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ।বঢ়মপুৰ বিধানসভা সমষ্টিৰ ১৫ খন আঞ্চলিক সদস্যৰ আসনেৰে গঠিত কঠিয়াতলি আঞ্চলিক পঞ্চায়ত অধীনৰ ৭ খন আসনতেই বিনাপ্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰে।

এনে ক্ষেত্ৰত কঠিয়াতলি আঞ্চলিক পঞ্চায়ত বিজেপিয়ে দখল কৰাটোও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। মুঠ ১৩ খন আসনেৰে গঠিত বঢ়মপুৰ আঞ্চলিক পঞ্চায়তৰ ৬ খন আসনতেই বিজেপি প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

নগাঁও