বৃহৎ নদীবান্ধৰ বিৰুদ্ধে নগাঁৱত যুৱ-ছাত্ৰৰ স্মাৰক পত্ৰ...

বৃহৎ নদী বান্ধৰ বিৰোধিতাৰে আজি অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে নগাঁও জিলা সমিতিয়ে ও জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰতৰ

New Update
uyuddddll

ডিজিটেল সংবাদ , নগাঁওঃ  বৃহৎ নদী বান্ধৰ বিৰোধিতাৰে আজি অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ ৰ কেন্দ্ৰিয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে নগাঁও জিলা সমিতিয়ে ও জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰতৰ   প্ৰধান মন্ত্ৰী মহোদয় লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদে অতীতৰ পৰা সকলো ধৰণৰ নদী বান্ধৰ বিৰোধিতা কৰি আহিছে।

Advertisment

বিদ্যুত উৎপাদনৰ জৰিয়তে দেশৰ উদ্যোগিক প্ৰগতিৰ বিৰোধিতা পৰিষদে কেতিয়াও নকৰে যদিও বিদ্যুৎ উৎপাদনৰ নামত বৃহৎ বৃহৎ নদী বান্ধ নিৰ্মাণ কৰি অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰাৰ লগতে নদী বান্ধৰ পানী সময়ে সময়ে এৰি দি অসমীয়া মানুহ আৰু জীৱকুলৰ হত্যালীলা চলোৱা কাৰ্যক কেতিয়াও মানি ল'ব নোৱাৰে অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদে

শেহতীয়াকৈ ৰঙানদী বান্ধৰ বাবে সৃষ্টি হোৱা ভয়াবহ পৰিস্থিতিৰ কথা  সকলো  অসমবাসী ৰাইজ নিশ্চয়কৈ অৱগত ।ভূতৰ ওপৰত দানৱ পৰা দি অসমীয়াৰ অস্তিত্বক সমূলি  বিপদলৈ ঠেলি দিব পৰা ৰঙানদীৰ বান্ধতকৈ পাঁচগুণ অধিক শক্তিশালী, ক্ষমতাসম্পন্ন অৰ্থাৎ ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি নদীবান্ধৰ পানীয়ে  অনাগত দিনত কি ধৰণৰ প্ৰলয় অসমত সৃষ্টি কৰিব সেয়া অসমীয়া ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰি বুলি পৰিষদে উল্লেখ কৰে।

নদীবান্ধৰ ভয়াবহতা আৰু ধ্বংসকাৰী চৰিত্ৰৰ বিৰোধিতা কৰি সময়ে সময়ে প্ৰতিবাদ কৰি অহাৰ লগতে আজি অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে নগাঁ‌ও জিলা আয়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ প্ৰধান মন্ত্ৰীলৈ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য দেৱাশীৰ্ষ দাস, সভাপতি প্ৰবাল শৰ্মা,সাধাৰণ সম্পাদক হেমন্ত দাস,যুটীয়া সম্পাদক দিব্যজ্যিত হাজৰিকা, দিপাংকৰ শৰ্মা,সাংগঠনিক সম্পাদক কমল লস্কৰ লগতে জাতীয় মহিলা পৰিষদৰ  নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদিকা অনুৰাধা গোহাঁই সহ অন্যান্য সদস্য সকল ।

নগাওঁ