নগাঁৱত সুৰ- ৰত্ন যজ্ঞ বেজবৰুৱা স্মাৰক বটা প্ৰদান...

নগাঁৱত সুৰ- ৰত্ন যজ্ঞ বেজবৰুৱা স্মাৰক বটা প্ৰদান...

author-image
Asomiya Pratidin
New Update
নগাঁৱত সুৰ- ৰত্ন যজ্ঞ বেজবৰুৱা স্মাৰক বটা প্ৰদান...

ডিজিটেল সংবাদ ,নগাঁও : অসমৰ বিশিষ্ট সংগীত শিল্পী , সুৰ - ৰত্ন প্ৰয়াত যজ্ঞ বেজবৰুৱাৰ ৮৫ সংখ্যক ওপজা দিন আজি অনুভৱৰ সুৰীয়া দিন শীৰ্ষক সুৰৰ দিন হিচাপে উদযাপন কৰা হয়। যজ্ঞ বেজবৰুৱা সুৰাৰোপিত গীত সংৰক্ষণ সমিতি ,অসমৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত নগাঁৱৰ চেচামুখৰ নিজা বাসভৱনত উদযাপিত ওপজা দিনৰ লগত সংগতি ৰাখি " সুৰ- ৰত্ন যজ্ঞ বেজবৰুৱা স্মাৰক বটা প্ৰদান কৰা হয়।

Advertisment

তবলা বিশাৰদ টংকেশ্বৰ বৈদ্য আৰু বিশিষ্ট বেহেলা বাদক তাৰিণীমোহন শৰ্মাক এই স্মাৰক বটা প্ৰদান কৰা হয়। এই বটা প্ৰদান কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত যজ্ঞ বেজবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিনী মিনতি বেজবৰুৱাই।অনুষ্ঠান আনুষ্ঠানিকভাবে মুকলি কৰে প্ৰাক্তন বিধায়ক ডা :দুৰ্লভ চমুৱাই।

অনুষ্ঠানত চন্দনা বেজবৰুৱাই ভজন ,হৰ্ষিতা বৰাই গীত আয়ুসী ভৰদ্বাজ , ধৃতিমান কাশ্যপ , লিজা ,অংশুৰাজ কাশ্যপ , কৃষ্টি কানন কলিতা , মৃদুলা গোহাঁই ,মনদীপ মহন্ত আদিয়ে গীত -মাত ,আদি পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তি গোলাপ বৰা ,কমলেশ শইকীয়া ,বিৰিঞ্চি বৰা ,প্ৰভাত শৰ্মা , তৰুণ লিগিৰা , আৰিফুল হক ,দীপক শৰ্মা ,অনিল শৰ্মা , ৰঞ্জন বেজবৰুৱা , বৈজয়ন্তী খাউণ্ড , কনক হাজৰিকা ,হৰেশ্বৰ বৰা, হৰিপ্ৰসাদ চৌৰাচিয়া আদিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

সাংস্কৃতিক গোষ্ঠী গান্ধাৰৰ সম্পাদক প্ৰদীপ বৰাই আতধৰা অনুষ্ঠানত সদ্যপ্ৰয়াত সংগীত শিল্পী দিগেন মহন্তৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।অনুষ্ঠানত পৰিয়ালৰ হৈ মিনতি বেজবৰুৱা ,চন্দন বেজবৰুৱা , চন্দনা বেজবৰুৱা , ৰঞ্জন বেজবৰুৱা ,প্ৰাঞ্জল বৰুৱা আদিয়ে সামগ্ৰিক ভাবে অনুষ্ঠানটো পৰিচালনা কৰে।

নগাঁৱ