/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/5b3708d4-9e9b-4209-b863-d65e9d357f9a.jpg)
ডিজিটেল সংবাদ,নগাঁও : "আই এ এছ, এ চি এছ, এ পি এছ, ডাক্তৰ-ইঞ্জিনিয়াৰ জন্ম দিয়া অনুষ্ঠান বহুত আছে। কিন্তু প্ৰকৃত মানৱ সম্পদ সৃষ্টি কৰা অনুষ্ঠান কিমান জন্ম হৈছে সেইটোহে বিচাৰ্যৰ বিষয়। শিক্ষানুষ্ঠান সমূহৰ প্ৰধান উদ্দেশ্য হ'ব লাগে প্ৰকৃত মানৱ সম্পদ সৃষ্টি কৰা।" নগাঁৱৰ ফালাহ গ্ৰুপ অৱ ইন্সটিটিউটচ চমুকৈ এফ জি আই নামৰ এক অত্যাধুনিক আন্তঃগাথনি থকা এখন ব্যক্তিগত উচ্চ শিক্ষানুষ্ঠানৰ আত্মপ্ৰকাশ উপলক্ষে অনুষ্ঠিত এক বিশেষ প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰি শনিবাৰে এই মন্তব্য কৰে খাগৰিজান মহাবিদ্যালয় অধ্যক্ষ ড° ৰমেশ নাথে। " মানৱ সম্পদ সৃষ্টি কৰিব নোৱাৰিলে সমাজ উপকৃত হ'ব নোৱাৰিব।
ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষানুষ্ঠানতেই গঢ় দিব লাগিব বুলি উল্লেখ কৰি ড° নাথে কয় যে চৰকাৰে প্ৰনয়ন কৰিব বিচৰা নতুন শিক্ষা নীতিৰ জৰিয়তে মুল্যবোধৰ শিক্ষা দিব বিচৰা হৈছে। উক্ত অনুষ্ঠানত উপস্হিত থাকি সাংবাদিক হেমেন কুমাৰ দাসে কয় যে ফালাহ গ্ৰুপ অফ ইনষ্টিটিউটচ শিক্ষাৰ্থী সকলৰ সপোন বোৰ বাস্তৱত ৰূপ দিব পৰা এক কাৰখানাত পৰিণত হওঁক। এফ জি আই য়ে শিক্ষাৰ্থী সকলক সপোন দেখিবলৈ কওঁক আৰু সেই সপোন বোৰ বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায় দাসে। ছাত্ৰ-ছাত্ৰীৰ কঠোৰ শ্ৰম, একাগ্ৰতা আৰু এফ জি আইৰ কৰ্তৃপক্ষ আৰু শিক্ষক সকলৰ প্ৰচেষ্ঠাত এইয়া সম্ভৱ হ'ব পাৰে। এফ জি আইৰ মূল হোতা চিৰাজ উদ্দিন আহমেদ যিহেতু নিজেই এজন সফল ব্যক্তি, তেওঁৰ হাতত সফলতাৰ চাবি কাঠি আছে, সেয়েহে ইয়াত ছাত্ৰ-ছাত্ৰীৰ সপোনে ঠণ ধৰি উঠিবলৈ সৰহ দিন নালাগিব।
" উদ্যোক্তা অনুষ্ঠানৰ স্বত্তাধিকাৰী তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত সমাজ সেৱক ছিৰাজ উদ্দিন আহমেদে আঁত ধৰা সভাত নগাঁও প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি কনক হাজৰিকাই কয়, নতুনকৈ আত্মপ্ৰকাশ কৰা এফ জি আইয়ে অকল নগাঁৱৰে নহয় সমগ্ৰ ৰাজ্যখনৰ গুণগত আৰু মুল্যবোধৰ শিক্ষাৰ ক্ষেত্ৰত এক অন্যতম চাহিদা পুৰণ কৰিব। শিক্ষাক তেওঁ ব্যৱসায়ৰ এক অন্যতম প্ৰতিষ্ঠান হিচাপে নাভাবি ইয়াক এক প্ৰকৃত মানুহ গঢ়াৰ মেচিন প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। শিক্ষাবিদ ব্ৰজেন বৈশ্যই কয়, সাধাৰণতে ব্যক্তিগত শিক্ষানুষ্ঠান সমুহে ছাত্ৰ-ছাত্ৰীক সকলো ধৰণৰ সুূবিধা দিম বুলি কয়। কিন্তু বাস্তৱত ইয়াক দেখিবলৈ পোৱা নাযায়। আন নালাগে বহু আগশাৰীৰ শিক্ষানুষ্ঠানে এটা কোঠালীত ৫০/৬০ জনকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়ে।
যাৰ ফলত প্ৰকৃত শিক্ষা গ্ৰহণৰ সুবিধা নাপায় শিক্ষাৰ্থী সকলে। এফ জি আই ইয়াৰ ব্যতিক্ৰম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাখনত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জালাল উদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া তথা লিখক আবুল হুছেইন, জ্যেষ্ঠ সমাজকৰ্মী চৰকাৰ গিয়াছ উদ্দিন আহমেদ, অধিবক্তা হুমাউন কবিৰ , সাংবাদিক নাজিম আহমেদ, শিক্ষাবিদ ক্ৰমে নুৰুল আমিন, নগাঁও জিলা শিশু কল্যাণ সমিতিৰ সদস্যা শ্বাহিনা খানম, সমাজ সেৱিকা শ্বিৰীণ বেগম, যুৱ নেতা ইক্ৰাম হুছেইন লস্কৰ, আমছুৰ ৰাজ্যিক উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰ, শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ আতাউৰ ৰহমানকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us