নগাঁও বিশেষ কাৰাগাৰৰ হাজোতীৰ ৰহস্যজনক পলায়ন...

চিকিৎসাজনিত কাৰণত নগাঁও মেডিকেল কংগ্ৰেছ হাস্পিতালত ভৰ্তি এজন হাজোতী আজি চিকিৎসাধীন অৱস্থাত চিকিৎসালয়খনৰ বিচনাৰ পৰা পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৰাজু আলী নামৰ হাজোতী জ

author-image
Asomiya Pratidin
New Update
বিশেষ কাৰাগাৰৰ হাজোতী নগাঁও মেডিকেল কলেজ হস্পিতালৰ পৰা  ৰহস্যজনক ভাবে  পলায়ন

ডিজিটেল সংবাদ, নগাঁওঃ চিকিৎসাজনিত কাৰণত নগাঁও মেডিকেল কংগ্ৰেছ হাস্পিতালত ভৰ্তি এজন হাজোতী আজি চিকিৎসাধীন অৱস্থাত চিকিৎসালয়খনৰ বিচনাৰ পৰা পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৰাজু আলী নামৰ হাজোতী জনক কিছুদিন পূৰ্বে নগাঁও সদৰ আৰক্ষীয়ে এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি নগাঁও আদালতত হাজিৰ কৰাই নগাঁও বিশেষ কাৰাগাৰত প্ৰেৰণ কৰিছিল।

অবৈধ ভাবে ড্ৰাগছ সৰবৰাহৰ গোচৰত কিছুদিন ধৰি জেল হাজোতত থকা ৰাজু আলী যোৱা ১৪ এপ্ৰিলত হঠাৎ অসুস্থ হোৱাত কাৰাগাৰখনৰ পৰা চিকিৎসকে উন্নত চিকিৎসাৰ ভাবে নগাঁও মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰিছিল। তেওঁৰ ঘৰ জুৰীয়াত।

নিউমনীয়া বেমাৰত আক্ৰান্ত হাজোতী আলীৰ স্বাস্থ্য অৱস্থা অলপ উন্নত হৈছিল যদিও আজি অতি সকলোকে আচৰিত কৰি চিকিৎসালয়খনৰ চিক বেডৰ পৰা পলায়ন কৰাৰ খবৰ পোৱাৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে নিৰাপত্তা ৰক্ষীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। চিকিৎসালয়খনৰ ভিতৰতে থকা আৰক্ষী পহৰা চকীৰ সংশ্লিষ্ট আৰক্ষীৰ জিম্মাত থকা হাজোতী জন চিকিৎসালয়ৰ চিক বেডৰ পৰা কেনেকৈ পলাবলৈ সক্ষম হল, সেই লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে।

কিয়নো নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফ লগোৱা এজন ৰোগী কি  শাৰীৰিক শক্তিৰ বলত অথবা কেনেকৈ পলাবলৈ পালে, সেই বিষয়টো সহজ ভাবে লোৱা নাই সংশ্লিষ্ট সকলো পক্ষই। নে বেমাৰ নথকা স্বত্বেও বেমাৰ হোৱাৰৰ লেবেল লগাই গোপন দেনদেনৰ বলত কাৰাগাৰ কৰ্তৃপক্ষই কাৰাগাৰৰ পৰিৱৰ্তে চিকিৎসালয়ত থকাৰ সুবিধা কৰি দিছিল নেকি ?

এই অভিযোগ কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উঠিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে একেখন কাৰাগাৰৰ পৰা আন এজন হাজোতী ৱাল বগাই পলাই যাবলৈ সক্ষম হোৱা ঘটনাই কাৰাগাৰ কৰ্তৃপক্ষৰ ভিতৰ চৰাত জোকাৰনিৰ সৃষ্টি কৰিছিল। এক বিশেষ সুত্ৰে জানিব পৰা মতে, যোৱা ১২ ফেব্ৰুৱাৰীত স্বয়ং ৰাজ্যৰ গৃহ সচিবে চৰ জমিন তদন্ত চলাবলৈ কাৰাগাৰখনত উপস্থিত হৈছিল।

এইদৰে মাত্ৰ কেইটামান দিনৰ ব্যৱধানত আজি একেখন কাৰাগাৰখনৰ এজন হাজোতী চিকিৎসাধীন অৱস্থাত পলায়ন কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। নগাঁও আৰক্ষীয়ে পলাতক হাজোতীজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

নগাঁও আৰক্ষী