/asomiyapratidin/media/media_files/2025/03/24/JOtQZHFySIeEkp9iVBDI.jpg)
ডিজিটেল ডেস্কঃ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতো ঐতিহ্যপূৰ্ণ বঢ়মপুৰলৈ কেন্দ্ৰীয় আৰু বিশেষ কাৰাগাৰ স্থানান্তৰ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰিলে চৰকাৰে। বিধায়ক ৰূপক শৰ্মাৰ লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী ৰূপেশ গোৱালাই সদৰি কৰে এই তথ্য।
বিধায়ক ৰূপক শৰ্মাই প্ৰশ্ন উত্থাপন কৰিছিল যে, নগাওঁ চহৰৰ মাজমজিয়াত থকা কেন্দ্ৰী. আৰু বিশেষ কাৰাগাৰখন নগাওঁ চহৰৰ পৰা স্থানান্তৰ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে নেকি? এই প্ৰশ্নৰ উত্তৰ বিভাগীয় মন্ত্ৰী গোৱালাই কয় যে, নগাওঁ চহৰৰ পৰা কাৰাগাৰ স্থানান্তৰ কৰাৰ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই কাৰাগাৰ ক'লৈ স্থানান্তৰ কৰা হব, তাক লৈ বিধায়ক শৰ্মাই বিতংভাৱে উত্তৰ বিচৰাত মন্ত্ৰী ৰূপেশ গোৱালাই সদৰি কৰে যে, এই জিলা কাৰাগাৰখন নগাওঁ জিলাৰ শিঙিয়া পোতনি মৌজাৰ পোতনি গোমোঠাগাঁও কিছাম অঞ্চললৈ স্থানান্তকৰণৰ পৰিকল্পনা কৰা হৈছে। ৬৪, ৬৬,৬৭ আৰু ৩৩২নং দাগৰ মুঠ ১০০বিঘা মাটি সামৰি এই কাৰাগাৰ নিৰ্মাণৰ পৰিকল্পনা কথা উত্তৰত স্পষ্ট কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে।
এই সন্দৰ্ভত মুখ্য অভিযন্তা, লোকনিৰ্মাণ (গৃহ) বিভাগলৈ প্ৰকল্প প্ৰতিবেদনৰ বিষদ বিৱৰণ বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে। লোকনিৰ্মাণ বিভাগৰ পৰা এই প্ৰকল্পৰ প্ৰতিবেদন লাভ কৰাৰ পাছতে বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি পৰ্যায়ক্ৰমে নিৰ্মাণ কাৰ্যৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰা হয়।
উল্লেখ কৰা প্ৰয়োজন যে, ঐতিহ্যপূৰ্ণ বঢ়মপুৰলৈ কেন্দ্ৰীয় আৰু বিশেষ কাৰাগাৰ স্থানান্তৰ কৰাৰ প্ৰসংগটো চৰ্চা হোৱাৰে পৰা ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শৈক্ষিক আৰু আধ্যাত্মিক পৰিৱেশেৰে পৰিপূৰ্ণ বঢ়মপুৰত চোৰ-ডকাইট আৰু অপৰাধী ৰাখিবৰ বাবে কাৰাগাৰ নিৰ্মাণৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সচেতন মহলে।