/asomiyapratidin/media/media_files/2025/03/23/Q9WLYM7gtahAQBHXpcXC.jpg)
ডিজিটেল সংবাদ ,নগাঁওঃ নগাঁও চহৰৰ মৰিকলংৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰিকলং আৰু কছলুখোৱা সংযোগী মৰিকলং বিলৰ ওপৰত পূৰ্বৰ কাঠৰ দলংৰ স্থানত নতুনকৈ নিৰ্মাণ কৰা পকী দলংখনি আজি আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷
দলংখন শুভ উদ্বোধন কৰি বিধায়ক শৰ্মাই কয় যে- নৱনিৰ্মীত এই পকী দলংখনৰ জৰিয়তে মৰিকলং আৰু কছলুখোৱা ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত থকা বহুদিনীয়া এক সমস্যাৰ অবসান ঘটিব। লগতে মৰিকলং চিভিল গেটত নিৰ্মাণ হবলগীয়া উৰনীয়া সেতুৰ সময়ত এই দলংখনে এক বিশেষ ভুমিকা পালন কৰিব ৷ যাৰ বাবে এই দলঙেৰে যান বাহন সমূহ চলাচলৰ ক্ষেত্ৰত সুবিধা হব ৷
উল্লেখ যে,সুদীৰ্ঘকাল এখন কাঠৰ দলঙৰে মৰিকলং-কছলুখোৱা সংযোগী ৰাইজৰ দীৰ্ঘদিনৰ সমস্যাৰে ভাৰাক্ৰান্ত আছিল বৃহত্তৰ এলেকাৰ ৰাইজ ৷ বহু মন্ত্ৰী-বিধায়কৰ কাষ চাপিও কোনো সুফল পোবা নাছিল মৰিকলং-কছলুখোৱাৰ ৰাইজে ৷ মৰিকলং-কছলুখোৱা সংযোগী দলং খন নিৰ্মাণৰ প্ৰায় দুটা বছৰৰো অধিক দিন মুকলি নোহোবাকৈ পৰি আছিল বিশেষ এক কাৰণত ৷
অৱশেষত যেনিবা আজি দলংখন মুকলি হোবাৰ পাছত মৰিকলং কছলুখোৱা বাসী ৰাইজৰ লগতে বহু ৰাইজ এই দলংখনৰ জৰিয়তে উপকৃত হব ৷ আজিৰ দলং মুকলি এই অনুষ্ঠানত নগাঁও লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃনাল বৰা,উপ-সংমণ্ডল বিষয়া ললিত হাজৰিকা,শাখা বিষয়া,স্থানীয় মহলা আয়ুক্ত,স্থানীয় মৰিকলংবাসী ৰাইজ উপস্থিত থাকে।