/asomiyapratidin/media/media_files/2025/03/14/mGkYoEqVDzlewpSMit0I.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাওঁঃ নগাঁও জিলাৰ কলংপৰীয়া বাৰগঞা সমাজ আৰু বাৰগঞা মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত কৰৈয়নীৰ অক্ষয় প্ৰজ্বলিত সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰত অনুষ্ঠিত হোৱা দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱত আজি পুৱা উৰ্ষা কীৰ্তন আৰু প্ৰতি ৰাভাৰ খোল প্ৰসংগৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ অন্তত স্থানীয় ৰাইজ-গোপিনীৰ দ্বাৰা শ্ৰী শ্ৰীডোখোৰামুখ সত্ৰ হেঙুলী চুকৰ পৰা মন্দিৰলৈ শোভাযাত্ৰাৰে দৌল মহাপ্ৰভুক আদৰণি জনোই অনা হয়।ইয়াৰ পিছতে দৌল মন্দিৰত দৌল পূজা কৰা হয়।দুপৰীয়া প্ৰতিখন ৰভাত নাম কীৰ্তন কৰা হয়।
বিয়লি ধৰ্মালোচনী সভা অনুষ্ঠিত হয়।বাৰগঞা সমাজৰ সভাপতি নবীন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট শিক্ষাবিদ তথা শাস্ত্ৰজ্ঞ ৰোহিনী বল্লভ গোস্বামীয়ে উপস্থিতি থাকি ভাষণত কয়-ধৰ্ম সম্পৰ্কে ভাৰতীয় সাহিত্যত বহু বাখ্যা আছে।যি ব্যৱস্থাই এটা জাতিক সুৰক্ষিত কৰিব পাৰে।মানুহক মানৱীয় গুণ সম্পন্ন কৰি ৰাখিব পাৰে,সেয়াই ধৰ্ম।
ইয়াৰ জৰিয়তে আমি ইহলোকত সুখ- শান্তি আৰু সম্প্ৰীতিৰে থাকিব পাৰো।ইয়াৰ পিছত আমি য'লৈ যাম,তাতো আমি সুখ আৰু শান্তিৰে সুন্দৰকৈ থকাৰ এটা পৰিবেশ পাম ধৰ্মৰ মাধ্যমেৰে।বাৰগঞা সমাজ তথা উদযাপন সমিতিৰ সম্পাদক দিলীপ বৰাই আঁত ধৰা সভাখনত নিৰ্দিষ্ট বক্তা গোস্বামীয়ে ভাষণত আৰু কয়- নিজৰ জাতিটোক ৰক্ষা কৰিবলৈ ভাষা,সাহিত্য আৰু সংস্কৃতিৰ প্ৰয়োজন।মহাপুৰুষ শংকৰদেৱে তিনিওটা বস্তুৱে আমাক দিলে।
সুন্দৰ স্বাস্থ্য ৰক্ষাৰ বাবে তেওঁ আমাক কিছুমান বাট দেখুৱাই থৈ হ'ল।আমি সু-স্বাস্থ্যৰে স্বাস্থ্যৱান হবলৈ হ'লে প্রানায়ম কৰিব লাগে।আসন কৰিব লাগে।শংকৰদেৱে সহজ-সৰল ভাৱে অসমীয়া সমাজত প্ৰাণায়ম সাধনা প্ৰচলন কৰি থৈ গ'ল।যেনে অ' হৰি,ইয়াত প্রানায়মৰ কথা আছে।সভাত অভিনেতা ৰাজেন ফুকন আৰু শুভজিৎ শইকীয়াৰ পৰিচালনাত শিশু শিল্পী সকলে প্রদর্শন কৰা গায়ণ বায়নে সকলোকে মুগ্ধ কৰে।
সভাত ভাওনা মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা স্মৃতি গ্ৰন্থ "কৰাপাট" উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই।স্মৃতি গ্ৰন্থ উন্মোচন কৰি উন্মোচক পদুম ৰাজখোৱাই ভাষণত কয়-এই স্মৃতি গ্ৰন্থখনে বাৰগঞা হেজাৰী ভাওনা মহোৎসৱৰ স্মৃতি ধৰি ৰাখিবলৈ সক্ষম হব।ইয়াৰ জৰিয়তে লেখক-লেখিকা সকলে এখন মঞ্চ লাভ কৰিছে।তাকে দেখি হয়তো নতুন লেখকসকল অনুপ্ৰাণিত হব।ভাষণ প্ৰসংগত ৰাজখোৱাই আৰু কয়-ঐকান্তিক ভক্তিৰ জৰিয়তেহে মানুহ ঈশ্বৰ প্ৰাপ্তি হয়।
কিন্তু বৰ্তমান ধর্মৰ নামত ব্যৱসায় চলি আছে।এতিয়া এনেকুৱা অৱস্থা হল যে,আমি সকলোতে ভগৱানক বিচাৰি ফুৰো।আপুনি যদি মনৰ কামনা পূৰণ কৰিব বিচাৰিছে,মহাপুৰুষ শংকৰদেৱে কোৱাৰ দৰেই আপুনি মুখেৰে ভগৱানৰ নাম লওক,নাম কীৰ্তন কৰক,কোনোবাই যদি ভগৱানৰ নাম লৈছে,আপুনি শ্ৰদ্ধাৰে স্মৰণ কৰক,তেতিয়া আপুনি হৰিক লাভ কৰি বুলি ভাষণত ৰাজখোৱাই উল্লেখ কৰে।
সভাত বিশিষ্ট অধিবক্তা দেহীৰাম বৰা,ওজা শিল্পী ভাবুৰাম কেওট, সমাজকৰ্মী ৰাজ বৰঠাকুৰ,হৰভজন সিং প্ৰমুখ্যে বহু লোক উপস্থিত আছিল।ভাওনা মহোৎসৱত অঞ্চলটোৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে বাৰগঞা মন্দিৰ স্থলীত এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে।উক্ত অনুষ্ঠানত কালিৰে পৰা এখন গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে।আজি নিশা ১১ ৰভাত একে সময়তে ১১ খন অংকীয়া ভাওনা প্ৰদৰ্শিত হব।