/asomiyapratidin/media/media_files/2025/09/01/nagen-konwar-01-2025-09-01-18-24-56.jpg)
ডিজিটেল সংবাদ গহপুৰঃ গহপুৰ পৌৰসভাৰ অন্তৰ্গত চতিয়াচুক নিবাসী,বিশিষ্ট কবি, সাহিত্যিক তথা সাংবাদিক নগেন কোঞৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। দীৰ্ঘদিন ধৰি হৃদৰোগ আৰু বৃক্কৰোগত আক্ৰান্ত হৈ থকা এই সাহিত্যিকজনক উন্নত চিকিৎসাৰ বাবে আজি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা নগেন কোঞৰৰ ২০১২ চনৰ পৰা নতুন দিল্লীৰ গংগাৰাম হাস্পতাল, গুৱাহাটীৰ ডাউন টাউন হাস্পতাল আৰু iUKDত সাতটাকৈ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে গৈছে। সকলোৱে তেওঁৰ আশুআৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us