Advertisment

বিশিষ্ট সাহিত্যিক নগেন কোঁৱৰৰ ৮২ সংখ্যক ওপজা দিনত গ্ৰন্থ উন্মোচন

ভালে সংখ্যক গ্রন্থ প্রণয়নে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰা কোঁৱৰৰ জন্ম হৈছিল নগাঁৱত। ২৩ নৱেম্বৰ, ১৯৪৩ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা কোঁৱৰৰ ৮২ সংখ্যক জন্মদিনত সৃষ্টি প্ৰকাশৰ দ্বাৰা তেওঁৰ দুখনকৈ গ্রন্থ প্রকাশ পায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ছয়দুৱাৰ:   শনিবাৰে গহপুৰৰ প্ৰবীণ সাংবাদিক তথা অসমৰ বিশিষ্ট কবি,সাহিত্যিক, লেখক নগেন কোঞৰৰ ৮২ সংখ্যক ওপজা দিন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। গহপুৰ নগৰৰ চতিয়াচুক নামঘৰৰ চৌহদত নৱ নিৰ্মিত ডাম চাও দীননাথ কোঁৱৰ স্মৃতি মুকলি মঞ্চত কালি দিনৰ ১২ বজাৰ পৰা প্ৰজ্ঞাশ্ৰী লোকেশ্বৰী সন্দিকৈৰ পৌৰহিত্যত ওপজা দিনটি উলহ-মালহৰে উদযাপন কৰা হয়।

Advertisment

নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত চতিয়াচুক ৰাইজৰ সহযোগত অনুষ্ঠিত ওপজা দিনৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও বিশিষ্ট কবি গৰাকীৰ পিতৃ দীননাথ কোঁৱৰৰ সোঁৱৰণত 'সংবাদজ্যোতি বঁটা-২০২৪' আৰু মাতৃ নিৰ্মলা কোঁৱৰৰ সোঁৱৰণত আগবঢ়োৱা 'কাব্যশ্ৰী বঁটা-২০২৪' আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

বিশ্বনাথ জিলা ভিত্তিত নিৰ্বাচিত কৰা এই 'সংবাদজ্যোতি বঁটা' লাভ কৰে গহপুৰ মহকুমাৰ ককিলা চাৰিআলিৰ নিবাসী তথা জ্যেষ্ঠ সাংবাদিক দীপ কুমাৰ শৰ্মাই। উল্লেখ্য যে ২০০১ চনৰ পৰা 'দৈনিক জনমভূমি' কাকতত গহপুৰৰ পৰা সাংবাদিকতা আৰম্ভ কৰা শৰ্মাই ২০০৭ চনৰ পৰা 'আমাৰ অসম' কাকতৰো গহপুৰৰ পৰা সংবাদদাতা হিচাপে সেৱা আগবঢ়াই আছে।

1

অন্যহাতে ক্ৰীড়াৰ লগতো জড়িত দীপ কুমাৰ শৰ্মাই ২০০৫ চনৰ পৰা বৰ্তমানলৈকে অসম ফুটবল সন্থাৰ ফুটবল ৰেফাৰী হিচাপে দায়িত্ব পালন কৰি অহাৰ লগতে বৰ্তমান অসম ফুটবল সন্থাৰ টুৰ্ণামেন্ট কমিটীৰ এগৰাকী সদস্য হিচাপে দায়িত্বত আছে। অসম সাহিত্য সভাকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ অহা দীপ কুমাৰ শৰ্মাক ডাম চাও দীননাথ কোঁৱৰ সোঁৱৰণী সংবাদজ্যোতি বঁটা এই সভাতেই আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

ঠিক সেইদৰে 'নিৰ্মলা কোঁৱৰ সোঁৱৰণী কাব্যশ্ৰী বঁটা'টি বেদেতীৰ ৰাংচালি নিবাসী নিৰঞ্জন দাসক নিৰ্বাচিত কৰি প্ৰদান কৰা হয়। উল্লেখ্য যে ২০১৭ চনতে তেওঁৰ 'উপলব্ধি' নামৰ এখনি কাব্য সংকলন প্ৰকাশ পোৱাৰ লগতে বিভিন্ন কাকত-আলোচনীত নিয়মীয়াকৈ কাব্য চৰ্চা কৰি অহা দাস সদৌ অসম কবি সন্মিলনৰ লগতো জড়িত হৈ আহিছে। আজি বিশিষ্ট কবি নগেন কোঞৰৰ জন্ম দিনৰ লগত সংগতি ৰাখি দুয়োগৰাকী নিৰ্বাচিত ব্যক্তিক আনুষ্ঠানিকভাৱে বিশিষ্ট কবি চুৰেন চন্দ্ৰ শৰ্মা আৰু বিশিষ্ট নাট্যকাৰ, অভিনেতা তৰুণ বৰুৱাই বঁটা প্ৰদান কৰে।

উল্লেখ্য যে সতীৰ্থ সংগম আৰু সৃষ্টি প্ৰকাশৰ তৰফৰ পৰা প্ৰদান কৰা এই বঁটাত চেলেং, শৰাই-সঁফুৰা, ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু নগদ ধন আগবঢ়োৱা হয়। নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰশান্ত বৰুৱা আৰু সৃষ্টি প্ৰকাশৰ হৈ বিপুল কুমাৰ দিহিঙীয়াই আঁত ধৰা কাৰ্যসূচীত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বিপুল ভূঞাই।

গহপুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ভদ্ৰেশ্বৰী বৰাই ডাম চাও দীননাথ কোঁৱৰ স্মৃতি মুকলি মঞ্চৰ দ্বাৰ মুকলি কৰাৰ পাছতে বিশিষ্ট কবি নগেন কোঞৰৰ ওপজা দিন পালন কৰা হয়। এই সভাতেই নগেন কোঞৰৰ 'ঐতিহাসিক গহপুৰ আৰু অন্যান্য প্ৰবন্ধ' নামৰ প্ৰবন্ধ সংকলনটি ৰাজ্যিক কৃতী শিক্ষক তথা বিশিষ্ট কবি, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জগদীশ শৰ্মাই উন্মোচন কৰে।লগতে নগেন কোঁৱৰৰ অন্য এখন গ্ৰন্থ 'গহপুৰৰ ফুটপাথত এজনী গাভৰু' নামৰ গল্প সংকলনটি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক সবিতা কোঁৱৰে।

1

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে বিশিষ্ট নাট্যকাৰ দিলীপ কুমাৰ শৰ্মা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দন বৰুৱাই। গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু),বিশ্বনাথ জিলা কবি সন্মিলন, স্বেচ্ছাসেৱী সংগঠন চাও-চেং , গহপুৰ লেখিকা সমাৰোহ সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে তেওঁৰ গুণমুগ্ধসকলে চেলেং, শৰাই-সঁফুৰা ফুলাম গামোচা, গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই সভাতেই কেইবাগৰাকী নাতি-নাতিনীয়ে অংকন কৰা ছবি প্ৰদান কৰি অনুষ্ঠান সজীৱ কৰি তোলে। উল্লেখ্য যে অসমীয়া কাব্য-সাহিতা জগতত এটি পৰিচিত নাম নগেন কোঁৱৰ। ইতিমধ্যে ভালে সংখ্যক গ্রন্থ প্রণয়নে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰা কোঁৱৰৰ জন্ম হৈছিল নগাঁৱত। ২৩ নৱেম্বৰ, ১৯৪৩ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা কোঁৱৰৰ ৮২ সংখ্যক জন্মদিনত সৃষ্টি প্ৰকাশৰ দ্বাৰা তেওঁৰ দুখনকৈ গ্রন্থ প্রকাশ পায়।

১৯৬৮ চনৰ পৰা 'অসম বাতৰি', 'মহাজাতি', 'ইস্তাহাৰ', 'তিনিদিনীয়া বাতৰি', ৰাষ্ট্ৰীয় বাতৰি', অনুসন্ধান', 'দৈনিক অসম', 'নতুন দৈনিক', 'দৈনিক জনমভূমি'ত সাংবাদিকতা কৰা এইগৰাকী বিশিষ্ট কবি তথা প্রবীণ সাংবাদিক অধুনালুপ্ত 'গহপুৰ সংবাদ'ৰ মুখ্য সম্পাদক আছিল। এওঁৰ ১৯৬৩ চনৰপৰা অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনী, স্মৃতিগ্রন্থত কবিতা, গীত, গল্প, প্রবন্ধ প্রকাশ আহিছে। কমেও সাতখন একাংক নাট ৰচনাৰে সমৃদ্ধ কৰা কোঞৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে বিশেষভাবে জড়িত।

নগেন কোঁৱৰ ছয়দুৱাৰ আঞ্চলিক তাই সাহিত্য- সংস্কৃতি বিকাশ সমিতি, জ্ঞানপীঠ পুথি ভঁড়াল,গহপুৰ কবি কানন, প্রতিষ্ঠাপক সম্পাদক হিচাপে যতীন দুৱৰা স্মৃতি গহপুৰ কেন্দ্ৰীয় পুথি ভঁড়াল (লুপ্ত) আদিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। অসম সাহিত্য সভা, সদৌ অসম কবি সম্মিলন, পূর্বাঞ্চল তাই সাহিত্য সভা, অসম ৰাম গগৈ সাহিত্য গোষ্ঠীৰ আজীবন সভ্য কোঞৰ 'অসম ৰাম গগৈ সাহিত্য গোষ্ঠী', 'বিশ্বনাথ জিলা কবি সম্মিলন', 'বিশ্বনাথ জিলা তাই সাহিত্য সভা', 'গহপুৰ কবি কানন',গহপুৰ মহকুমা সাংবাদিক সন্থা, 'গহপুৰ ৰাম গগৈ সাহিত্য সমাজ', 'জাতি-জনগোষ্ঠীয় সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ' আদিৰ উপদেষ্টা।

ঠিক সেইদৰে 'নাগৰিকত্ব সংশোধনী বিৰোধী ঐক্যমঞ্চ, গহপুৰ', 'ছাঁ সাহিত্য গোষ্ঠী, গহপুৰ'ৰ সভাপতি। তেওঁ 'গহপুৰ সাহিত্য সভা', গহপুৰ গ্ৰাহক সুৰক্ষা সমিতি'ৰ প্রাক্তন সভাপতি। সদৌ অসম কবি সম্মিলনৰ প্ৰাক্তন উপ-সভাপতি কোঁৱৰ 'শোণিতপুৰ জিলা সাহিত্য সভা'ৰো প্রাক্তন উপ-সভাপতি আছিল। ২০০০ চনত কবি 'কল্পদ্রুম বঁটা', ২০১৫ চনত 'কাব্য কল্পদ্রুম বঁটা', ২০১৭ চনত 'প্রজ্ঞা সাধনা বঁটা', 'সমন্বয় কবি', 'কনকলতা-মুকুন্দ কাকতি বঁটা' লাভ কৰাৰ লগতে নগেন কোঁৱৰৰ সদৌ অসম কবি  সন্মিলনে ২০২৩ বৰ্ষৰ 'কাব্য-প্রাণ সম্মান' প্রদান কৰে।

1

গুণমুগ্ধ সকলক উদ্দ্যেশি নগেন কোঁৱৰে ধন্যবাদ সূচক বক্তব্য ৰখা সভাত বিশিষ্ট লেখক গৰাকীৰ জন্ম দিনত চাও চন্দন বৰুৱা, জয়ন্ত শইকীয়া, অনিত শইকীয়া, নিকুঞ কোঁৱৰ মহন্ত, ভুৱন শইকীয়া, ভাস্কৰজ্যোতি ভূঞা, মৃদুল কুমাৰ বৰা, নিতুল বৰা, বিপ্লৱ নেওগ, মধুস্মিতা চমুৱা বৰুৱা, কুশল শৰ্মা, কিশোৰ পাটোৱাৰীৰ লগতে ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠান জীপাল কৰি তোলে।উল্লেখযোগ্য যে,এটা সমৰ্পিত মন লৈ জীৱনৰ সুদীৰ্ঘ দিন অসমৰ সংবাদ আৰু কাব্য,সাহিত্যৰ ক্ষেত্ৰখনৰ প্ৰতি অফুৰন্ত বৰঙণি আগবঢ়াই অহা নগেন কোঁৱৰে আজিলৈকে নাপালে কোনো চৰকাৰী স্বীকৃতি।

নাপালে কোনো সাংবাদিক কিম্বা সাহিত্যিক পেঞ্চন। এনেধৰণৰ চৰকাৰী স্বীকৃতিয়ে তেওঁক স্পৰ্শ নকৰিলেও কিন্তু জীৱনৰ এই অপৰাহ্ন সময়তো নীৰৱে অব্যাহত ৰাখিছে কাব্য সাহিত্যৰ চৰ্চা।সম্পূৰ্ণ নিজা খৰছত প্ৰতি বছৰে কিতাপ প্ৰকাশ কৰি পাঠক সমাজৰ হাতত তুলি ধৰি অহা নগেন কোঁৱৰৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেওঁৰ গুণমুগ্ধ সকলে।

গ্ৰন্থ উন্মোচন