/asomiyapratidin/media/media_files/2025/08/20/ddddddddd-2025-08-20-13-55-56.jpg)
ডিজিটেল ডেস্কঃ তেজপুৰ ঘৰপৰা চুবুৰিৰ বাসিন্দা সমাজ সচেতন তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সাক্ষী, দৰং মহাবিদ্যালয় স্হাপনৰ লগত জড়িত আৰু ঐতিহাসিক অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ লগত জড়িত তথা স্হানীয় নামঘৰকে আদি কৰি সকলো সামাজিক কামত জড়িত এজন ব্যক্তি শ্ৰীযুত নগেন বৰা দেৱে আজি জীৱনৰ ১০০ টা বছৰ অতিক্ৰম কৰিলে ৷
আজিৰ দিনটোত স্হানীয় ৰাইজে তেখেতৰ ওপজা দিনটো ঘৰপৰা চুবুৰীৰ নামঘৰত ৰাজহুৱাকৈ অনুষ্ঠিত কৰে আৰু এখন মানপত্ৰ প্ৰদান কৰি তেখেতৰ নামত ঘৰপৰাচুবুৰীৰ এটা পথ নামাকৰনৰ সিদ্ধান্ত গ্ৰহণ কৰে।