/asomiyapratidin/media/media_files/2024/12/17/FnheXmoTERDrnCoSoYdN.jpg)
ডিজিটেল সংবাদ, মেৰাপানী : অসম -নগালেণ্ড সীমান্তৰ মেৰাপানীৰ অসম ভূমিত অৱ্যাহত আছে নগাৰ কৌশলী আগ্ৰাসন। এইবাৰ পুনৰ সীমান্ত অঞ্চলটোৰ ২ নং ওপৰ তৰানি গাঁৱত নগাই আৰম্ভ কৰিছে ব্যাপক বেদখল।
বিগত শনিবাৰৰ পৰা নগাৰ এটা বৃহৎ দলে ৱেলচন কেৰকেটা নামৰ অসমীয়া কৃষকজনৰ ভোগদখলত থকা এটা টিলাৰ গছ গছনি কাটি তহিলং কৰিছে। দশক দশক ধৰি ৱেলচন কেৰকেটাৰ ভোগদখলত থকা ভূমিখণ্ড নিজৰ বুলি দাবী কৰি নগাৰ দলটোৱে নিজৰ আয়ত্বলৈ নিবলৈ চেষ্টা চলাই থকাৰ কথা জানিব পৰা গৈছে।
নগাৰ এনে বেদখল কাৰ্য্যক কেৰকেটাই বাধা প্ৰদান কৰাত নগাৰ দলটোৱে ওলোটাই ভাবুকিহে প্ৰদান কৰিছে। অৱশ্যে সোমবাৰে কেৰকেটাৰ অভিযোগৰ ভিত্তিত নিৰপেক্ষ বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাত বেদখলকাৰী নগাৰ দলটো আঁতৰি যায়।
উল্লেখযোগ্য যে, শেহতীয়াকৈ মেৰাপানী সীমান্তৰ গড়বস্তি, ইন্দ্ৰপুৰ, ওপৰ তৰানি আদি গাঁৱত নগাই বিভিন্ন কৌশলেৰে অসমভূমি বেদখল কৰাৰ বাবে উঠি পৰি লাগিছে।