/asomiyapratidin/media/media_files/2025/03/20/W2RqZl8NTn668XLYNzzA.jpg)
ডিজিটেল সংবাদ,নাজিৰাঃ অসম নগালেণ্ড সীমান্তৰ গেলেকীৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত নগাৰ আগ্ৰাসন। ইংলক বস্তিৰ সমিপত অসমৰ বন বিভাগৰ মাটিত আগ্ৰাসন চলাইছে নগাই ৷ গেলেকী আৰক্ষীৰ অগোচৰে নগাই সীমান্তত অসমৰ বনবিভাগৰ মাটিত পথ আৰু পকী ঘৰ নিৰ্মাণৰ কাম কৰা পৰিলক্ষিত হৈছে ৷
পূৰ্বতে নাজিৰা মহকুমা আৰক্ষী বিষয়া আচিফ আহমেদ আৰু সীমান্ত দণ্ডাধীশ ৰিশান আহমেদৰ নেতৃত্বত নগাৰ এনেদৰে ঘৰ নিৰ্মাণ কাৰ্য্যত বাধা আৰোপ কৰিছিল ৷ বৰ্তমান গেলেকী বন বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰা আৰু নাজিৰা মহকুমা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নগাই ৷ গোপনে সীমান্তত নগাই নিৰ্মাণ কৰা পকী ঘৰৰ কাম ৯০% সম্পূৰ্ণ হৈছে ৷
পকীঘৰ নিৰ্মাণৰ কাম সমাপন কৰা পথৰ কাষত নগাই ফলক লগাই অসমৰ গধুৰ যান বাহন অহাযোৱা কৰিলে পাঁচ হাজাৰ টকা জৰিমনা বিহাৰ জাননী লগাই পথ অৱৰোধ কৰি গোপনে এই কাৰ্য্য চলাই গৈছে। নগাৰ এই আগ্ৰাসনৰ বিৰুদ্ধে প্ৰশাসনে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় ৷