সীমান্তত নিয়োজিত চিআৰপিএফৰ সন্মূখতেই নগাৰ বীৰত্ব প্ৰদৰ্শন

সীমান্তত পুনৰ কৌশলী আগ্ৰাসন আৰম্ভ কৰিছে নগাই। এইবাৰ নগাই অসমীয়াৰ চাহ বাগিচাৰ মাজত ৰবৰৰ খেতি কৰি অসমীয়া কৃষকৰ ভূমি বেদখলৰ চেষ্টা চলাইছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-22 at 3.29.46 PM

ডিজিটেল সংবাদ, মেৰাপানীঃ সীমান্তত পুনৰ কৌশলী আগ্ৰাসন আৰম্ভ কৰিছে নগাই। এইবাৰ নগাই অসমীয়াৰ চাহ বাগিচাৰ মাজত ৰবৰৰ খেতি কৰি অসমীয়া কৃষকৰ ভূমি বেদখলৰ চেষ্টা চলাইছে। ১ নং উপৰ তৰানি গড়বস্তি গাঁৱৰ ৰামবল গড় নামৰ লোকজনৰ ভোগদখলত থকা ক্ষুদ্ৰ চাহ বাগিচাখনত শনিবাৰৰ পৰা ৰবৰ পুলি ৰোপণ আৰম্ভ কৰিছে একাংশ নগা লোকে। নগা পাহাৰৰ কাষতে অৱস্থিত চাহ বাগিচাখন বেদখল কৰাৰ লক্ষ্যৰে নগাই গৰাকী ৰামবল গড়ৰ অলক্ষিতে এনেদৰে ৰবৰ গছৰ পুলি ৰোপণ কৰা আৰম্ভ কৰিছে। 

Advertisment

উল্লেখযোগ্য যে, ১৯৭১ চনতে ৰামবল গড়ৰ ককাক মহাবীৰ গড়ক অসম চৰকাৰে উক্ত ভূমিখণ্ড আৱন্টন দিছিল। ঠিক তেতিয়াৰে পৰা মহাবীৰ গড়ৰ পৰিয়ালে ভূমিখণ্ড নিজা ভোগ দখলত ৰাখি খেতিবাতি কৰি আহিছে। কিন্তু কাষৰীয়া নগাপাহাৰৰ একাংশ নগালোকে উক্ত ভূমিখণ্ড কৌশলেৰে হস্তগত কৰাৰ বাবে বাৰে চেষ্টা চলাই আহিছে। নগাৰ এনে কাৰোকাৰ্য্যত এতিয়া শংকিত হৈ পৰিছে গড়বস্তি গাঁওৰ কৃষকসকল। সম্প্ৰতি গাঁওবাসীয়ে অঞ্চলটোত নগাৰ অতিক্ৰমণ ৰোধ কৰাৰ বাবে পাল পাতি পহৰাৰ ব্যৱস্থা কৰিছে। গাঁওবাসীয়ে অঞ্চলবাসীৰ নিৰাপত্তাৰ স্বাৰ্থত সীমান্তত নিয়োজিত চিআৰপিএফৰ নিয়মীয়া পহৰাৰ দাবী জনাইছে।

ইফালে দেওবাৰে বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ অহা ১৪২ নং চিআৰপিএফৰ সন্মূখতেই হাতত বন্দুক, দা লৈ চিআৰপিএফৰ লগত বাক্‌ বিতণ্ডা কৰাৰ লগতে নিৰীহ অসমীয়া কৃষকক উচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰে। কোনো কাৰণতেই বেদখল কৰা ভূমি অসমীয়াক ঘুৰাই নিদিয়াৰ হুংকাৰ নগাৰ। অসমীয়াক হুম্‌কি দি নগাই নিজেই নিৰ্ধাৰণ কৰিলে অসম নগালেণ্ডৰ সীমা। নগাৰ অতপালিৰ পাছতো বৰ্তমানেও নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা গোলাঘাট প্ৰশাসনৰ কাৰ্যই আচম্ভিত কৰি তুলিছে। 

মেৰাপানী নগা সমস্যা