/asomiyapratidin/media/media_files/2025/08/05/new-ap-web-11-11-24-new-2-2025-08-05-09-58-34.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত নেঘেৰিবিলত উচ্ছেদৰ পাছতে আহিছে ভয়ংকৰ বিপদৰ আগজাননী। সৰুপথাৰৰ গেলাজান, ২ নং ৰজাপুখুৰীৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰাৰ পাছত এইবাৰ ২ নং নেঘেৰিবিলৰ ভূখণ্ডতো শেন চকু নগাৰ। আনকি নগাই নেঘেৰিবিলৰ বনভোজস্থলীত অসমৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে।
কেৱল ইমানেই নহয়, সীমান্তত পথ নিৰ্মাণ কৰি অসমৰ ভূমি বেদখলৰ গোপন অভিসন্ধি ৰচনা কৰিছে নগাই। নাগালেণ্ডক চৰকাৰক অসমৰ মাটি কাঢ়ি লোৱাত নগালোকক সহায় কৰিবলৈ আহ্বান জনাইছে নগা ভিলেইজ কাউঞ্চিলৰে। এই ভাবুকি প্ৰদান কৰিছে মেৰাপানী সীমান্তৰ গাতে লাগি থকা নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ লিঅ' লুংচুং, মিকিৰাং আৰু লুঙায়ুঙ বস্তিৰ চেয়াৰমেনে।
উল্লেখযোগ্য যে, অসম চৰকাৰে অহা ৮ আগষ্টত ২ নং নেঘেৰিবিলত উচ্ছেদ চলাব লগা ভূমিও নাগালেণ্ডৰ বুলি দাবী কৰিছে নগাই। নাগালেণ্ডৰ এটি ইউটিউব চেনেলত প্ৰকাশিত হৈছে এই ভয়ংকৰ তথ্য। চেনেলত প্ৰকাশিত বাতৰি অনুসৰি নেঘেৰিবিলৰ গাতে লাগি থকা তিনিখনকৈ নগা গাঁৱৰ নগা ভিলেইজ চেয়াৰমেনে নেঘেৰিবিলৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰি অসম চৰকাৰে সন্দেহযুক্ত বেদখলকাৰী নাগৰিকক উচ্ছেদৰ পাছতে নেঘেৰিবিলৰ ভূমি কাঢ়ি ল'ব বুলি এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে। আন এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰি কৰা অনুসৰি, নগাৰ এই কাৰ্যত সমৰ্থন জনাই দুটাকৈ পৃথক নগা উগ্ৰপন্থী সংগঠনৰ বৃহৎ সংখ্যক সদস্যই বাহৰ পাতি আছে সীমান্ত অঞ্চলটোত।
সম্প্ৰতি এই তথ্য ফাদিল হোৱাৰ পাছতেই কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি একাংশ দল সংগঠনে নগাৰ আগ্ৰাসন ৰোধৰ বাবে অসম চৰকাৰক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। ইফালে এই খবৰৰ পাছতেই মেৰাপানী সীমান্তৰ ৰাইজৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে। এই ক্ষেত্ৰত বেদখলকাৰীৰ কৱলৰ পৰা উচ্ছেদ কৰা ভূমি সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা ল'ব সেইয়া হ'ব লক্ষণীয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us