নগৰবেৰাত চলন্ত বাহনত পৰিল প্রকাণ্ড গছঃ কথমপি প্ৰাণ ৰক্ষা চালকৰ

নগৰবেৰাত চলন্ত বাহনত পৰিল প্রকাণ্ড গছঃ কথমপি প্ৰাণ ৰক্ষা চালকৰ

ডিজিটেল ডেস্কঃ নগৰবেৰাৰ মণ্ডলপাৰাত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। চলন্ত মালবাহী বাহনৰ ওপৰত প্ৰকাণ্ড গছ এডাল বাগৰি পৰাত আহত হয় চালক ছফিয়াৰ আলী। স্থানীয় লোকে জনোৱা মতে, নিশা অহা প্ৰচণ্ড ধুমুহাত চলন্ত মালবাহী বাহনখনৰ ওপৰত বাগৰি পৰে গছডাল।

গাড়ীখনৰ চালক ছফিয়াৰ আলী প্ৰায় দুঘন্টা সময় গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থাকি অসুস্থ হৈ পৰে। পিছত স্থানীয় লোকে নগৰবেৰা আৰক্ষীৰ সহযোগত প্ৰকাণ্ড গছডাল কাটি চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আহত চালক ছফিয়াৰ আলীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

নগৰবেৰাত চলন্ত বাহনত পৰিল প্রকাণ্ড গছঃ কথমপি প্ৰাণ ৰক্ষা চালকৰ
ঢকুৱাখনাত হত্যাকাণ্ডঃ জনস্বাস্থ্য বিভাগৰ ঠিকাদাৰ সুনীল গগৈক হত্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in