নগাঁৱৰ ছাত্ৰী সৃষ্টি পৰাশৰৰ কেন্দ্ৰীয় মাধ্যমিক পৰীক্ষাত সফলতা

সৃষ্টি নগাঁও চহৰৰ অমৰজিৎ গোস্বামী আৰু দীপিকা শৰ্মাৰ কনিষ্ঠ কন্যা । মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্যত পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছে

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ছাত্ৰী সৃষ্টি পৰাশৰৰ কেন্দ্ৰীয় মাধ্যমিক পৰীক্ষাত সফলতা

নগাঁৱৰ ছাত্ৰী সৃষ্টি পৰাশৰৰ কেন্দ্ৰীয় মাধ্যমিক পৰীক্ষাত সফলতা

ডিজিটেল সংবাদ, নগাঁও : নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰী সৃষ্টি পৰাশৰে সদ্য ঘোষিত ফলাফলত ৯৬ .৬ শতাংশ নম্বৰ লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশেষকৈ ঘোষিত ফলাফলত ৰসায়ন বিজ্ঞান বিষয়ত সৃষ্টি পৰাশৰে সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

Advertisment

একেদৰে তেওঁ গণিত বিষয়ত ৯৯ নম্বৰ লাভ কৰে। সৃষ্টি নগাঁও চহৰৰ অমৰজিৎ গোস্বামী আৰু দীপিকা শৰ্মাৰ কনিষ্ঠ কন্যা । মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্যত পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছে।

nagaon