/asomiyapratidin/media/media_files/2025/05/09/XmVPm2CZ0GkH04FFRnQO.jpg)
দেশমাতৃৰ সুৰক্ষাৰ বাবে নিজৰ বিয়াকো একাষৰীয়া সীমান্তলৈ ৰাওনা নগাঁৱৰ প্ৰণৱ
ডিজিটেল সংবাদ, নগাঁও : জননী জন্মভূমিশ্চ স্বৰ্গাদপী গৰিয়সী ! জন্মভূমিতকৈ ডাঙৰ একোৱেই হ’ব নোৱাৰে। আনকি স্বৰ্গও পিছ পৰি ৰয় জন্মভূমিৰ সন্মুখত। প্ৰথমে স্বদেশ, তাৰ পাছতহে অন্য কথা। এই কথাকে সৰোগত কৰি নিদৰ্শন দাঙি ধৰিলে নগাঁও জিলাৰ প্ৰণৱ গগৈ নামৰ ভাৰতীয় সীমান্ত সুৰক্ষা বলত নিয়োজিত জোৱানজনে।
দেশত বাজিছে আজি যুদ্ধৰ দামামা। বৈৰী দেশ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ চৰকাৰে চলাইছে অপাৰেচন সিন্দূৰ। জৰুৰীকালীন এই সময়ছোৱাত বাতিল কৰা হৈছে আৰক্ষী- সেনা বাহিনীৰ জোৱানৰ ছুটী। শীঘ্ৰেই সীমান্তলৈ মাতি পঠিওৱা হৈছে জোৱানসকলক। স্থল সেনা, বায়ু সেনা- নৌসেনা সকলো বাহিনী আজি সাজু হৈ উঠিছে পাকিস্তানৰ বিৰুদ্ধে।
দেশমাতৃৰ এইহেন পৰিস্থিতিত নিজৰ বিয়াখনকো একাষৰীয়া কৰি টালি- টোপোলা বান্ধি সীমান্তলৈ বুলি ৰাওনা হৈছে এছ এছ বিত নিয়োজিত নগাঁৱৰ প্ৰণৱ গগৈ নামৰ জোৱানজন। উল্লেখযোগ্য যে, ননৈৰ প্ৰণৱ গগৈ যোৱা ৫মে’ত নিজৰ বিয়াৰ বাবে ছুটী লৈ ঘৰলৈ আহিছিল। কিন্তু বৃহস্পতিবাৰে নিশা পাকিস্তানে ভাৰতৰ ১৪খন চহৰক লক্ষ্য কৰি ড্ৰোণ আৰু মিছাইল আক্ৰমণৰ অপচেষ্টা কৰাৰ লগতে ভাৰত-পাকিস্তানৰ সীমান্তত যুদ্ধ বিৰতি উলংঘাৰে ব্যাপক গোলাবৰ্ষণ কৰে।
ইয়াৰ পিছতে সীমান্তত নিয়োজিত সকলো জোৱানকে জৰুৰীকালীনভাৱে কৰ্তব্যত নিয়োজিত হ'বলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হয়। ননৈৰ প্ৰণৱ গগৈৰ অহা সোমবাৰে শুভ বিবাহৰ অনুষ্ঠান আয়োজিত হোৱাৰ কথা আছিল যদিও বিভাগীয় নিৰ্দেশনা পোৱাৰ পিছত শুকুৰবাৰে প্ৰণৱে নগাঁৱৰ বেবেজীয়াৰ বুঢ়াগোঁসাই থানত অনুষ্টুপীয়াকৈ বিবাহৰ অনুষ্ঠানৰ আয়োজন কৰে।
আজি দিনতে বিবাহ সম্পন্ন কৰি প্ৰণৱ দেশমাতৃৰ সুৰক্ষাৰ বাব ভাৰত-পাকিস্তান সীমান্তলৈ বুলি ৰাওনা হয়। এই বিবাহৰ অনুষ্ঠানত ননৈ কন্দলী দৰঙিয়াল গাঁৱৰ সকলো ৰাইজ উপস্থিত থাকি প্ৰণৱ আৰু নৱবিবাহিতা পত্নীক আশীৰ্বাদ প্ৰদান কৰে।
উল্লেখযোগ্য যে, অহা সোমবাৰে কন্দলী দৰঙিয়াল গাঁৱৰ প্ৰণৱ গগৈৰ বাসগৃহত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান আয়োজিত হ'ব। এই অনুষ্ঠানত প্ৰণৱ অনুপস্থিত থাকিলেও গাঁৱৰ ৰাইজে অতিথিক আপ্যায়ণ কৰাত কোনো ক্ৰটি নকৰে বুলি জানিবলৈ দিয়ে।