নগাঁৱত গ্ৰামোন্নয়নৰ নমুনা : ক্ষমতাৰ যুঁজৰ বাবে পৰি ৰ’ল ১৪.৮৪ কোটি টকা...

জিলা পৰিষদৰ সভানেত্ৰী পদক লৈ ক্ষমতাৰ যুঁজ

author-image
Asomiya Pratidin
New Update
নগাঁৱত গ্ৰামোন্নয়নৰ নমুনা : ক্ষমতাৰ যুঁজৰ বাবে পৰি ৰ’ল ১৪.৮৪ কোটি টকা...

NAGAON ZILLA PARISHAD NAGAON ZILLA PARISHAD

ডিজিটেল সংবাদ নগাঁও : ক্ষমতাৰ যুঁজৰ বাবে নগাঁও জিলাত গ্ৰামোন্নয়নৰ প্ৰায় ১৪.৮৪ কোটি টকা ব্যৱহাৰ নোহোৱাকৈ পৰি ৰৈছে ৷ প্ৰায় এবছৰ কাল উন্নয়নৰ বৃহৎ পৰিমানৰ ধন খৰচ নোহোৱাকৈ পৰি ৰোৱা ঘটনাই তাৎপৰ্য্য বহন কৰিছে ৷ ক্ষমতাকেন্দ্ৰিক যুঁজৰ বাবে গাঁওসমূহৰ উন্নয়নৰ বাবে আবন্টিত এই ধন খৰচ নোহোৱাকৈ পৰি ৰোৱাৰ বাবে গ্ৰামাঞ্চলৰ উন্নয়নত বাধা আহি পৰিছে ৷

Advertisment

এই বৃহৎ পৰিমানৰ ধন ব্যৱহাৰ নোহোৱাকৈ পৰি ৰোৱা বিভাগটো হৈছে নগাঁও জিলা পৰিষদ ৷ ২৯ টা পৰিষদীয় সমষ্টিৰে গঠিত নগাঁও জিলা পৰিষদৰ সদস্যসকলৰ মাজত ক্ষমতাক লৈ চলা যুঁজৰ বাবেই বিগত সময়ত জিলা পৰিষদখনত অচলাৱস্হাৰ সৃষ্টি হৈছিল ৷ ক্ষমতাৰ বাবে চলা যুঁজৰ বিষয়টো আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পৰ্যন্ত পাইছিল ৷

বিশেষকৈ জিলা পৰিষদৰ সভানেত্ৰী পদটোক লৈ বিগত প্ৰায় এবছৰ ধৰি চলা ক্ষমতাৰ যুঁজৰ বাবে ১৪কোটি ৮৪ লাখ টকা ব্যৱহাৰ ব্যৱহাৰ নোহোৱাকৈ পৰি আছিল ৷ পৰিষদখনত বিজেপিৰ ১৩, কংগ্ৰেছৰ ৮,অগপৰ ৫, এ আই ইউ ডি এফৰ ৩ জন সদস্য আছে ৷

সভানেত্ৰী পদত আছে মুন মণি দাস বৰা ৷ মুন মণি সভানেত্ৰী হৈ থকাৰ সময়তে ৰীতা কাকতি বৰাই বিদ্ৰোহ ঘোষণা কৰে ৷ ৰীতা কাকতি বৰাৰ নেতৃত্বত একাংশ সদস্যই অনাস্হা আনে সভানেত্ৰী মুন মণি দাস বৰাৰ বিৰুদ্ধে ৷

অনাস্হা প্ৰকাশ কৰাৰ পিছত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মা আৰু পূৰ্বৰ উপায়ুক্ত নিসৰ্গ হিবৰে প্ৰয়োজনীয় পদক্ষেপ নোলোৱাত বিদ্ৰোহীসকল ন্যায়ালৰ কাষ চাপে ৷ ন্যায়ালয়ে নগাঁও জিলা পৰিষদৰ সভানেত্ৰী মুন মণি দাস বৰাক আস্হা প্ৰতিপন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ৷

নগাঁও জিলা পৰিষদত দেখা দিয়া অচলাবস্হা দূৰ কৰিবলৈ তেতিয়া বিশেষ তৎপৰতা অৱলম্বন কৰে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু নগাঁও জিলা অগপৰ সভাপতি মণি মাধব মহন্তই ৷ আস্হা ভোটত তিনি বিদ্ৰোহী সদস্যই অংশ নোলোৱাৰ বিপৰিতে আন সকলোৱে পুনৰ মুন মণিৰ পক্ষত আস্হা প্ৰকাশ কৰে ৷

শেহতীয়াকৈ শৰ্মা, গোস্বামী, মহন্তৰ হস্তক্ষেপত নগাঁও জিলা পৰিষদৰ অচলাবস্হা দূৰ হোৱাৰ পিছত বছৰজুৰি পৰি থকা ১৪ কোটি ৮৪ লাখ টকা গ্ৰামোন্নয়নৰ উন্নয়নৰ ধন ২৯ টা জিলা পৰিষদ সমষ্টিত ভাগ বিতৰা আৰম্ভ কৰা হৈছে ৷ এই বৃহৎ পৰিমানৰ ধনৰ পৰা ১৫ শতাংশ ধন কৰ্তন কৰা হৈছে ৷

কৰ্তন হোৱা ১৫ শতাংশ ধন বিশুদ্ধ খোৱা পানী যোগানৰ বাবে জনস্বাস্হ্য কাৰিকৰী বিভাগৰ জৰিয়তে খৰচ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে ক্ষমতা কেন্দ্ৰীক যুঁজ জিলা পৰিষদৰ সদস্যসকলৰ মাজৰ পৰা আতৰা কৰা হয় যদিও পুঁজি আবন্টনৰ ক্ষেত্ৰত কৰা বৈষম্যৰ বাবে একাংশ সদস্য পুনৰ অসন্তোষ্ট হৈ পৰিছে ৷

nagaon JITU GOSWAMI bjp RUPAK SARMA NAGAON ZILLA PARISHAD