ভোট কেন্দ্ৰ চৌহদত মাৰপিট: লাঠিৰ কোবত মূৰ ফাটিল এজনৰ

ৰহমানক লাঠিৰে প্ৰহাৰ কৰাত মূৰত গুৰুতৰ ভাবে আঘাত পাই লোকজনে। বৰ্তমান চিকিৎসাধীন হৈ আছে মুকলেচুৰ। ইফালে আক্ৰমনৰ ঘটনাৰ লগত নুৰুল আমিন চৌধুৰী নামৰ এজন লোক জৰিত থকাৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
dfgdfg

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ চামগুৰি সমষ্টিৰ ৰৌমাৰীত অঘটন। ৰৌমাৰী ৰূপহী পঞ্চায়তৰ ৮ নং ৱাৰ্ডত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। ভোট কেন্দ্ৰৰ চৌহদত লগা মাৰপিটত এজন গুৰুতৰ ভাবে আহত হয়। আহত ব্যক্তিজনৰ নাম হৈছে মুকলেচুৰ ৰহমান।

ৰহমানক লাঠিৰে প্ৰহাৰ কৰাত মূৰত গুৰুতৰ ভাবে আঘাত পাই লোকজনে। বৰ্তমান চিকিৎসাধীন হৈ আছে মুকলেচুৰ। ইফালে আক্ৰমনৰ ঘটনাৰ লগত নুৰুল আমিন চৌধুৰী নামৰ এজন লোক জৰিত থকাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ভোট কেন্দ্ৰত প্ৰৱেশ কৰা ঘটনাক লৈ দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ পাছলৈ মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

চামগুৰি