/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b11c1516-5506-45a3-9f3b-bcf0859c5b2c/police.jpg)
NAGAON SP OFFICE
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ তিনি গৰাকী ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে নগাঁৱ আৰক্ষী অধীক্ষকে এক নিৰ্দেশযোগে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা ৷ বিষয়া কেইজনৰ নাম হৈছে এছ আই ফিৰোজ দলে , চিৰঞ্জীব লাহন আৰু চেনিৰাম পাগাগ ৷ ইয়াৰে চিৰঞ্জীৱ লাহন হৈছে বটদ্ৰবা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৷ ফিৰোজ দলে হৈছে মৰিকলঙ টাউন পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চেনিৰাম পাগাগ হৈছে খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৷
জানিব পৰা মতে, নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে এক নিৰ্দেশ যোগে উক্ত তিনি বিষয়াক থানা আৰু চকীৰ পৰা বদলি কৰি সদৰত মকৰল কৰিছে ৷ কৰ্তব্যত গাফিলতি কৰাৰ বাবে সংশ্লিষ্ট বিভাগে তিনি আৰক্ষী বিষয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰে শাস্তিমূলক ব্যৱস্থা। শুক্ৰবাৰে নগাঁও আৰক্ষী নিৱেশত অনুষ্ঠিত হোৱা পৰ্যালোচনাৰ সভাৰ পিছতে আৰক্ষী অধীক্ষকে উক্ত বিষয়া তিনিজনৰ বিৰুদ্ধে গ্ৰহণ কৰে পদক্ষেপ ৷
ইয়াৰ বাহিৰেও ৫গৰাকী আৰক্ষী বিষয়াক নগাঁৱত ৰদ বদল কৰে ৷ বৰঘাটৰ পৰা সম্প্ৰীতি হাজৰিকাক বটদ্ৰবালৈ , নগাঁও সদৰ থানাৰ হেমন্ত কলিতাক আমবাগান আৰক্ষী চকীলৈ , কলিয়াবৰৰ নব কুমাৰ দাসক খাটোৱাললৈ , নগাঁও সদৰৰ পৰা জোনমণি ৰাভাক মৰিকলঙলৈ আৰু আমবাগানৰ পৰা ৰবীন ফুকনক বৰঘাটলৈ বদলি কৰা বুলি জানিবলৈ দিয়ে ৷