/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/45b785b0-0f9e-4a71-84bd-86fb92e26028/nagaon_college.jpg)
nagaon college
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও কলেজ (অট’নমাচ) ত দেওবাৰে ছহীদ প্ৰভাত পাটৰ ছাত্ৰী নিবাসত নৱাগত আদৰনী সভা অনুষ্ঠিত হৈ যায়। নৱাগত আদৰনী সভাত মুখ্য অতিথি হিচাপে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক তথা দক্ষ প্ৰশাসনিক বিষয়া, সুবক্তা লীনা দলে উপস্থিত থাকি এক প্ৰেৰণাদায়ক আৰু মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে।
ইয়াৰ উপৰিও ছাত্ৰী সকলৰ লগত অন্তৰংগ আলাপ কৰে । শ্ৰীমতী দলে ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় যে ভয়ক হে ভয় কৰিব লাগে আৰু নিজৰ ঘৰখনৰ পৰাই লিংগ সমতাৰ আদি পাঠ আৰম্ভ কৰিব লাগে , তেতিয়াহে সমাজত লিংগ বৈষম্য নোহোৱা হ’ব।
তেওঁ লগতে অতি সৰু কালৰ পৰাই প্ৰত্যাহ্বান নেওচি প্ৰশাসনিক বিষয়া হোৱাৰ তথা নিজৰ জীৱন যুদ্ধৰ কথা ছাত্ৰীসকলক অৱগত কৰে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ বৈচিত্ৰময় উত্তৰ পূর্বাঞ্চল পুংখানুপুংখভাৱে ঘুৰিলে বহু জ্ঞান অৰ্জন কৰিব পাৰি আৰু এই জ্ঞানে সফলকাম হোৱাত অৰিহণা যোগাব।
লগতে উল্লেখ কৰে যে কিতাপ হ’ল নিসংগতাৰ সংগী, স্থানীয় ভাষাৰ উপৰিও বিশ্বৰ বিভিন্ন ভাষাৰ গ্ৰন্থৰাজি অধ্যয়নৰ যোগেদি ছাত্ৰীসকলৰ অধ্যয়ন পিপাসু মনটো সদায় জাগ্ৰত কৰি ৰাখিবৰ বাবে আহ্বান জনায় আৰু কেৱল গভীৰ অধ্যয়ন আৰু নিয়মানুৱৰ্তিতাৰ যোগেদিহে জীৱনত সফল হ’ব পাৰি।
আৰক্ষী অধীক্ষক গৰাকীয়ে নিজৰ কথাৰে কয় যে মাতৃত্বৰ লগতে আৰক্ষী অধীক্ষকৰ দৰে অতি দায়িত্বশীল কৰ্ম সম্পাদন কৰাৰ এক অনুপ্ৰেৰণামূলক অভিজ্ঞতা প্ৰকাশ কৰে।
লগতে কয় যে আৰক্ষীৰ কৰ্মত এনেকুৱা এটা সুযোগ আৰু সুবিধা আছে যাৰ যোগেদি সমাজৰ ভিন্ন ক্ষেত্ৰত কাম কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াব পাৰি। ছহীদ প্ৰভাত পাটৰ ছাত্ৰী নিৱাসৰ ছাত্ৰী পৰ্যবেক্ষিকা প্ৰিয়াংক্ষী গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানৰ সভাপতিত্ব কৰে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে।
ড০ বৰকটকীয়ে ভাষণত আৰক্ষী অধীক্ষক লীনা দলেক মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসৰ নৱাগত আদৰনী সভাত উপস্থিত থাকি ছাত্ৰীসকলক প্ৰেৰণাদায়ক আৰু জীৱনত কৃতকাৰ্য হোৱাৰ মনোগ্ৰাহী বক্তৃতা আৰু অন্তৰংগ আলাপত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।
ড০ বৰকটকীয়ে তেওঁৰ ভাষণত ছাত্ৰীসকলক অহংভাৱ পৰিত্যাগ কৰি দায়িত্বশীল নাগৰিক আৰু মানৱ সেৱা কৰিবৰ বাবে আহ্বান জনায়। প্ৰভাত পাটৰ ছাত্ৰী নিৱাসৰ অধ্যক্ষা ড০ জ্যোতিষ্মিতা দাসে আদৰনী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে নগাঁও কলেজ (অট’নমাচ) ৰ উপাধ্যক্ষা বন্তি নেওগ, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়া, জীৱিকা আৰু পৰামৰ্শ কোষৰ সম্বন্বয়ক ঋষি ভাৰ্গৱ দাস উপস্থিত থাকি ন-পুৰণি ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে।
উপাধ্যক্ষা বন্তি নেওগে তেওঁৰ ভাষণত নৱাগতসকলক উদ্দেশ্য কৰি কয় যে নৱাগতাসকল হ’ল নতুন সুৰুয আৰু ছাত্ৰীসকলক কলেজৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়।
ড০ চুতীয়াই ছাত্ৰীসকলক উদ্দেশ্যি দিয়া তেওঁৰ ভাষণত কয় যে ছহীদ প্ৰভাত পাটৰ ছাত্ৰী নিৱাস কলেজৰ এক অনবদ্য সম্পদ। এই নিৱাসৰ পৰাই সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ ছাত্ৰীসকলে নিৱাসৰ লগতে কলেজৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।
লগতে কয় যে আত্মবিশ্বাস, অধ্যৱসায়, উদ্ভাৱনাত্মক আৰু সৃজনীমূলক মন হ’ল সফলতাৰ চাবি-কাঠী। সহকাৰী অধ্যাপক ঋষি ভাৰ্গৱ দাসে ৱৰ্ক শব্দটোৰ তাৎপৰ্য ব্যাখ্যা কৰি ছাত্ৰীসকলক নিয়মানুৱৰ্তিতাৰে আগুৱাই যাবলৈ আহ্বান কৰে।
নৱাগত আদৰনী সভাত ছাত্ৰী নিৱাসৰ ডেৰ শতাধিক ছাত্ৰী, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া, এন এছ এছৰ সদস্য আৰু নিমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়।