নগাঁৱৰ শ্বেয়াৰ মাৰ্কেটৰ পঞ্জিস্কীমৰ ৫৪ কোটিৰ ওপৰত কাৰ চকু? বিনোয়োগকাৰীয়ে সৃষ্টি কৰিছে তীব্ৰ উত্তেজনা...

নগাঁৱত আকৌ চলিব নেকি শ্বেয়াৰ মাৰ্কেটৰ পঞ্জিস্কীমৰ CBI ৰ তদন্ত ? ৫৪ কোটি টকা সৰ্বসাধাৰনৰ পৰা অনিৰ্বাণ দেউৰি আৰু কাশ্যপ ফুকনৰ নেতৃত্বত বুলচ আই ফাউণ্ডেশ্যনে সংগ্ৰহ কৰিছিল।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ শ্বেয়াৰ মাৰ্কেটৰ পঞ্জিস্কীমৰ ৫৪ কোটিৰ ওপৰত কাৰ চকু? বিনোয়োগকাৰীয়ে সৃষ্টি কৰিছে তীব্ৰ উত্তেজনা...

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত আকৌ চলিব নেকি শ্বেয়াৰ মাৰ্কেটৰ পঞ্জিস্কীমৰ চি বি আইৰ তদন্ত ? ৫৪ কোটি টকা সৰ্বসাধাৰনৰ পৰা অনিৰ্বাণ দেউৰি আৰু কাশ্যপ ফুকনৰ নেতৃত্বত থকা বুলচ আই ফাউণ্ডেশ্যনে সংগ্ৰহ কৰাৰ পিছত বিনোয়োগকাৰীক লাভাংশ প্ৰদান কৰি আহিছিল ।

Advertisment

বুলচ আই ফাউণ্ডেশ্যনে ব্যৱসায় চলাই থকাৰ সময়তে ৰাজ্য চৰকাৰে আৰক্ষীৰ দ্বাৰা অভিযান আৰম্ভ কৰে । পৰবৰ্তী সময়ত ৰাজ্যৰ আন গোচৰৰ লগতে নগাঁৱৰ বুলচ আই ফাউণ্ডেশ্যনৰ গোচৰটো চি বি আই লৈ হস্তান্তৰ কৰে । 

শেহতীয়াকৈ চি বি আই য়ে গোচৰটো তদন্ত কৰি চূড়ান্ত প্ৰতিবেদন দাখিল কৰে । তদন্তৰ সময়ত বিনোয়োগকাৰীৰ সাক্ষ্য গ্ৰহণ কৰি আৰু বিষয়টোৰ ওপৰত তদন্ত চলাই তদন্ত কৰি প্ৰতিবেদন দাখিল কৰে । জানিব পৰা মতে বুলচ আই ফাউণ্ডেশ্যনৰ অনিৰ্বাণ দেউৰিয়ে শ্বেয়াৰ মাৰ্কেটত ট্ৰেড কৰিছিল ।

ধন , এঞ্জেল ওৱান , গ্ৰ’ , জিঅ’ধা বুকাৰ এপত ট্ৰেড কৰি আহিছিল । চাৰিটা বুকাৰত অনিৰ্বাণ দেউৰিয়ে সৰ্বমুঠ ৫৪ কোটি টকা বিনিয়োগ কৰিছিল বুলি জানিব পৰাগৈছে । বিষয়টো চি বি আইয়ে  তদন্ত আৰম্ভ কৰাত অনিৰ্বাণ দেউৰি, কাশ্যপ ফুকনহতঁৰ সকলো বেংকৰ একাউন্ট জব্দ কৰাত বুলচ আইয়ে বিনিয়োগকাৰীক ধন দিয়া বন্ধ কৰে ।

পৰবৰ্তী সময়ত চি বি আই তদন্ত শেষত বিনিয়োগকাৰীক মূলধন আদায় দিয়া হ'ব বুলি অনিৰ্বাণ- কাশ্যপে ৰাজহুৱা কৰে । এই সন্দৰ্ভত খুটিকটীয়াত থকা অনিৰ্বাণ দেউৰিৰ নিৰ্মিয়মান গৃহত এক সভা কৰি তেওঁলোকে ৰাজহুৱা কৰিছিল । 

শেহতীয়াকৈ চি বি আই গোচৰটোৰ অন্তিম পৰ্যায়ত হঠাৎ নোহোৱা হয় অনিৰ্বাণ দেউৰি । প্ৰায় দুমাহ ধৰি পলাই থকা অনিৰ্বাণে মঙ্গলবাৰে হঠাৎ সামাজিক মাধ্যমত তৎপৰ হৈ পৰে ।  পিতৃ আৰু মাতৃক লৈ  পলাই থকা অনিৰ্বাণে নতুনকৈ ফেচবুকত একাউন্ট খুলি এক ভি ডি অ’ যোগে বক্তব্য আগবঢ়াই ।

য'ত দোষাৰূপ কৰে কাশ্যপ ফুকনক। পলাই থাকিবলৈ কাশ্যপ ফুকনে কোৱা বুলি উল্লেখ কৰাৰ লগতে সংগ্ৰহ হোৱা ধন সন্দৰ্ভত বক্তব্য আগবঢ়াইছে । য’ত একাউন্টৰ পাছৱৰ্ড , আই ডি কাশ্যপক দিয়া বুলি কৈছে যদিও কি একাউন্ট দিছে সেই কথা উল্লেখ নকৰিলে ।

লগতে চাৰিটা বুকাৰ ( ডি মেট) এপত ট্ৰেড কৰা অনিৰ্বাণে কেইটা একাউন্টৰ পাছৱৰ্ড , আই ডি দিছে সেই কথা ৰাজহুৱা নকৰিলে । ৰহস্যজনক এই যে  ডিমেট একাউন্ট বেলেগক চলাবলৈ দিলে মূল একাউন্ট হল্ডাৰৰ পঞ্জীয়ন থকা মোবাইল নম্বৰ বা মেইলত যোৱা অ’ টি পি নম্বৰৰ কথা অনিৰ্বাণ দেউৰিয়ে দিছিল নে নাই সেই কথা ৰাজহুৱা নকৰিলে ।

শাৰিকৰী দিশত অ’ টি পিৰ জৰিয়তেই ডিমেট একাউন্ট সক্ৰিয় কৰিব পাৰি যদিও অনিৰ্বাণ দেউৰিৰ সামাজিক মাধ্যমৰ ভি ডি অ’ ত সেই কথা স্পষ্ট নহ’ল । যাৰ বাৰে বিনিয়োগকাৰীৰ পৰা পলাই থকা অনিৰ্বাণ দেউৰিয়ে ফেচবুকত ৰাজহুৱা কৰা বক্তব্যত ৰহস্যৰ আবৰ্তত । 

পলাতৰ অনিৰ্বাণে সামাজিক মাধ্যমত বক্তব্য আগবঢ়োৱাৰ পিছতে বিনিয়োগকাৰী সকলে পুৱতি নিশাৰ পৰা অৱস্থান কৰে কাশ্যপ ফুকনৰ নগাঁও ৰে'ল ষ্টেশ্যনৰ কাষতে থকা বাসভৱনত । বাসভৱন চৌহদত বিনিয়োগকাৰীয়ে উত্তেজনাময় পৰিবেশৰ সৃষ্টি কৰে ।

জানিব পৰা মতে কাশ্যপ ফুকনে নিশাৰ পৰা আত্মগোপন কৰে । অনিৰ্বাণ দেউৰিয়ে গোপন স্থানৰ পৰা নিজৰ বক্তব্য ৰাজহুৱা কৰাৰ পিছত কাশ্যপ ফুকনে নিজৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যম যোগে প্ৰকাশ কৰি সমগ্ৰ ঘটনা পুনৰ চি বি আইৰ জৰিয়তে তদন্ত হোৱাটো বিচাৰিছে । লগতে আৰক্ষী, আদালতক পূৰ্ণ সহযোগ কৰাৰ কথা ব্যক্ত কৰিছে ।

গোচৰ নিস্পতি হোৱাৰ পিছতে অনিৰ্বাণ, কাশ্যপে বিনিয়োগকাৰী ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও পিছত দুয়োৰে মাজত কিহক লৈ সংঘাট হ’ল সেই বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হৈছে । প্ৰশ্ন উঠিছে তৃতীয় পক্ষই জমা থকা ৫৪ কোটি টকা হৰলুকি কৰিবলৈ বুলচ আই ফাউণ্ডেশ্যনৰ মাজত সংঘাটৰ সৃষ্টি কৰিছে নেকি? এই কথা পলাতক অনিৰ্বান দেউৰিৰ সন্ধান ওলালে আৰু আৰক্ষীৰ সঠিক তদন্ততহে স্পষ্ট হ'ব।

ট্ৰেডিং অনলাইন ট্ৰেডিং শ্বেয়াৰ মাৰ্কেট