/asomiyapratidin/media/media_files/2025/05/15/bGKEsovjaVPYYwuesW77.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ সমাজতত্ত্ব বিভাগৰ উদ্যোগত ১৫ মে’ত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱসটি উলহ-মালহেৰে উদযাপন কৰা হয়। আবেলি ২.০০ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষকসকল, বিষয়া, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত আছিল বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড° শ্যামলী দলৈ । তেখেতে “সমসাময়িক সমাজত পৰিয়ালৰ গাঁথনিৰ পৰিৱৰ্তিত ধাৰা” (Changing discourse of family structure in contemporary society) শীৰ্ষক বিষয়ত এক তত্ত্বগধুৰ আৰু মননশীল ভাষণ প্ৰদান কৰে।
ড° দলৈয়ে তেখেতৰ ভাষণত পৰিয়ালৰ ধাৰণাৰ ক্ৰমবিৱৰ্তন, গোলকীকৰণ আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ, আধুনিক পৰিয়ালসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ লগতে পৰিয়ালৰ গুৰুত্ব আদি বিভিন্ন দিশ সামৰি লয়। তেখেতৰ ভাষণে উপস্থিত সকলোকে গভীৰভাৱে উপকৃত কৰে আৰু এক চিন্তাশীল আলোচনাৰ সূচনা কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° কৰবী কোঁচে আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱসৰ তাৎপৰ্য আৰু এই দিৱস উদযাপনৰ আঁৰৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেখেতে লগতে কয়, পৰিয়াল হৈছে সমাজৰ মূল ভিত্তি। এই দিৱসৰ জৰিয়তে আমি পৰিয়ালৰ গুৰুত্ব পুনৰ উপলব্ধি কৰাৰ লগতে ইয়াৰ সুস্থ বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ এক সুযোগ লাভ কৰিছো ।
তদুপৰি সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° পাৰ্থপ্ৰতিম বৰুৱাই পৰিয়ালৰ ধাৰণাটোৰ এক ঐতিহাসিক সমাজতাত্ত্বিক বিশ্লেষণ আগবঢ়ায় ৷ তেওঁ কয় যে পৰিয়ালৰ পৰিৱৰ্তিত অৱয়বসমূহৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিকাঠামোৰ ওপৰত থকা নিৰ্ভৰশীলতাৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায় ৷
অনুষ্ঠানত উপস্থিত থকা অধ্যাপক-অধ্যাপিকা, বিষয়া, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে বক্তাৰ ভাষণ মনোযোগেৰে শুনে আৰু পৰৱৰ্তী সময়ত বিষয়টোৰ ওপৰত মত-বিনিময়তো অংশ লয়। সামগ্ৰিকভাৱে, আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱসৰ এই কাৰ্যসূচীয়ে সমসাময়িক সমাজত পৰিয়ালৰ গুৰুত্ব আৰু ইয়াৰ বিভিন্ন দিশসমূহৰ ওপৰত এক সফল আৰু অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰে। সমাজতত্ত্ব বিভাগে এনেধৰণৰ অনুষ্ঠান ভৱিষ্যতেও আয়োজন কৰি থাকিব বুলি মুৰব্বী অধ্যাপক ড° কোঁচে আশা প্ৰকাশ কৰে আৰু উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।