/asomiyapratidin/media/media_files/2025/01/27/dtOYuoy3ypUthDCz3mLj.jpg)
ডিজিটেল সংবাদ,নগাঁও : উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়,সাহিত্য-সাংস্কৃতিক তথা মানবীয় প্ৰমূল্যবোধৰ ওপৰত প্ৰতিস্হিত জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ অন্যতম ঐতিহ্যবহনকাৰী শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ বাৰ্ষিক অধিবেশন খনি অহা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈকে উদযাপনৰ দিহা কৰা হৈছে।
নগাঁৱৰ পাথৰি চাৰিআলিৰ বঢ়াৰ পো শ্ৰীশ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰ অধিবেশনৰ বাবে সাজু কৰা হৈছে। কাৰ্যসূচী সফল ভাবে ৰূপায়নৰ বাবে প্ৰতিনিধি সভা গৃহ, ভোজনালয়, সাংস্কৃতিক ক্ষেত্ৰ আদি সজাই থকা হৈছে । অতিথি সকলক আদৰিবলৈ আদৰণি তোৰন আদি সজাই তোলা হৈছে।স্থানীয় প্ৰায় ২৫ খনি গাঁৱৰ লোক অধিবেশনৰ লগত জৰিত হৈ পৰিছে।
অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি নিত্যানন্দ বৰা,সাধাৰন সম্পাদক ৰঞ্জিত শইকীয়া জানিবলৈ দিয়া মতে, অধিবেশনৰ বাবে বঢ়াৰ পো শ্ৰী শ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰ প্ৰায় সাজু । ৩১ জানুৱাৰীৰ পুৱা প্ৰাতঃ প্ৰসঙ্গৰে কাৰ্যসূচী শুভাৰম্ভ হ’ব। পুৱা ৮ বজাত বৃক্ষৰোপনৰ পিছতে প্ৰথম মূল তোৰন, দ্বিত্বীয় মূল তোৰন, ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰা হ'ব।
১১ বজাৰ পৰা শিশু আই মাতৃ কল্যান শাখা সমিতিৰ সাধাৰন পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব । সন্ধ্যা সেৱা বাহিনীৰ সাধাৰণ পৰিষদ অনুষ্ঠিত হ'ব। ১ ফেব্ৰুৱাৰীত দিনৰ ১০-৩০ বজাৰ পৰা প্ৰতিনিধি সভাৰ বৈঠক আৰম্ভ হ'ব। নিশালৈ পাৰিজাত হৰণ প্ৰদৰ্শন কৰা হ'ব। ২ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ধৰ্ম ধ্বজ্জা উত্তোলনৰ পিছতে আৰম্ভ হ'ব ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা।
বিয়লি অনুষ্ঠিত হ'ব মুকলি সভা। পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। নিমন্ত্ৰণ জনোৱা হৈছে মন্ত্ৰী কেশব মহন্ত, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰূপক শৰ্মা,শশীকান্ত দাস, জিতু গোস্বামীক।
নিদিষ্ট বক্তা হিচাপে ভাৰত চন্দ্ৰ ডেকা,বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত,আমন্ত্ৰিত অতিথি হিচাপে আয়ুক্ত নৰেন্দ্ৰ শ্বাহ,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা , মুকুট ৰাভা আদি উপস্থিত থাকিব। ইয়াতে স্মৃতিগ্ৰন্থ “প্ৰান বান্ধৱ “ উন্মোচন কৰিব দিলীপ বৰাই। সন্ধ্যা অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিব সিদ্ধাৰ্থ শৰ্মাই ।