নগাঁও জিলাৰ সমবায়সমূহে নামানে মহামান্য ন্যায়ালয়ৰ নিৰ্দেশনা...

নগাঁও জিলা সমবায় সমিতিসমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয় অধীনত থকা কেইবাখনো সমবায় সমিতিয়ে বছৰ বছৰ ধৰি অনুষ্ঠিত কৰা নাই নিৰ্বাচন। সমিতি অবিহনে চলি আছে দুখনকৈ সমবায় ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
nagaon court order

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলা সমবায় সমিতিসমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয় অধীনত থকা কেইবাখনো সমবায় সমিতিয়ে বছৰ বছৰ ধৰি অনুষ্ঠিত কৰা নাই নিৰ্বাচন। যাৰ ফলত সমিতি অবিহনে চলি আছে দুখনকৈ সমবায় ।

Advertisment

কিন্তু কাৰ স্বাৰ্থ পূৰণৰ বাবে দুখনকৈ সমবায়ে কেইবাবছৰ ধৰি অনুষ্ঠিত নকৰাকৈ আছে সমবায় সমিতি গঠনৰ নিৰ্বাচন। নগাঁও জিলা সমবায় সমিতিসমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয় অধীনত এখন সমবায় হৈছে কঠিয়াতলি জুমুৰমূৰ সমবায় সমিতি ।

WP(c) /6104/2021 ত এই সমবায় সমিতিখনৰ এটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্জীয়ন হয়। ২০২২ চনৰ ২১ জানুৱাৰীত আছৰাফুল ইছলামসহ ১১ জনক লৈ চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ন্যায়ধীশ মানস ৰঞ্জন পাঠকে উক্ত সমিতিখন বাতিল কৰাৰ নিৰ্দেশ দিয়ে ।

যদিও ২০২২ চনৰ পৰা আজি পৰ্যন্ত সমিতিখন পুনৰ গঠন বা নিৰ্বাচন অনুষ্ঠিত নকৰিলে। আনহাতে গোচৰ নম্বৰ I A (civil)/3603/2023 ত আনখন সমবায় সমিতি খাটোৱালৰ গোচৰ বাতিল কৰে ন্যায়ধীশ লানু চোংকুং জমিৰ আৰু কৌশিক গোস্বামীয়ে।

কিন্তু আজি পৰ্যন্ত এইখন সমিতিয়ে অনুষ্ঠিত নকৰিলে নিৰ্বাচন। যাৰ বিষয়ে জ্ঞাত হৈ ৰাজ্যিক সমবায় সমিতি পঞ্জীয়ক নাৰায়ণ কোঁৱৰে প্ৰেৰণ কৰা পত্ৰ Gpss.382486/2 নম্বৰে এতিয়া কপনি তুলিছে নগাঁও জিলা সমবায় সমিতি সমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ত।

যাৰ বাবে নাৰায়ণ কোঁৱৰৰ পত্ৰ লাভ কৰি থৰকাচতি হেৰুৱাই উপ পঞ্জীয়ক কামিনি বড়োৱে সাংবাদিকৰ কৰা প্ৰশ্নৰ উত্তৰত এই ক্ষেত্ৰত ব্যৱস্হা গ্ৰহণ কৰিব বুলি কয় ।

সমবায় সমতি গুৱাহাটী উচ্চ ন্যায়ালয়