/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9e5cee20-90b2-4b7c-8ca0-51cdbd4bf1ea/nagaon.jpg)
Nagaon sahitya sabha
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত শণিবাৰে নগাঁও জিলা সাহিত্য সভাৰ মাহেকীয়া সাহিত্য পাঠৰ অনুষ্ঠানআৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।
প্ৰত্যাশা কৌশিকৰ " নব্য শতিকাৰ চিনাকি শ্ৰেষ্ঠ দলিত কাহিনী " নামৰ অনুবাদ গ্ৰন্থ খন উন্মোচন কৰি প্ৰদান কৰা ভাষণত সাহিত্য সমালোচক তথা অধ্যাপক অৰিন্দম বৰকটকীয়ে কয় যে, অনুবাদ সাহিত্যৰ ক্ষেত্ৰত অসমৰ ভুমিকা গুৰুত্বপূৰ্ণ যদিও সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰতিফলন যেনেদৰে হ'ব লাগিছিল, সেয়া হোৱা নাই।
অৱশ্যে অসমৰ বহুকেইজন বৰেণ্য সাহিত্যিকে অনুবাদ সাহিত্যৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যৰ ভেটি টনকিয়াল কৰি থৈ গৈছে। তেওঁ লগতে কয় যে, দলিত সাহিত্যৰ মাজেদি আমাৰ দেশৰ সমাজৰ এখন প্ৰকৃত ছবি প্ৰতিফলিত হয়। প্ৰত্যাশা কৌশিকৰ দৰে নৱপ্ৰজন্মৰ লেখিকাই দলিত সাহিত্যৰ চৰ্চা কৰাটো অসমীয়া সাহিত্য ক্ষেত্ৰখনৰ বাবে ভাল খবৰ বুলি বৰকটকীয়ে মন্তব্য কৰে।
আনখন গ্ৰন্থ অধ্যাপক ড° দিলীপ শৰ্মাৰ "কাব্য লহমা "নামৰ গ্ৰন্থখন উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে। তেওঁৰ চমু ভাষণত দেউৰীয়ে নগাঁৱৰ কথা উল্লেখ কৰি কয় যে, নগাঁৱে অসমৰ সাহিত্য -সংস্কৃতিৰ ক্ষেত্ৰখনত গুৰুত্ব পূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে। সাহিত্য সংস্কৃতিৰ আদিপাঠ নগাঁৱতে গ্ৰহণ কৰা বুলি দেউৰীয়ে মন্তব্য কৰে।
নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেবত কুমাৰ হাজৰিকাই আঁত ধৰা সভাত গল্পকাৰ জয়ন্ত মাধৱ বৰা,মুকুতা আলোচনীৰ সম্পাদক দেৱজিৎ বৰা আদিয়ে ভাষণ প্ৰদান কৰি অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উল্লেখ কৰে।
সভাত খাগৰিজান কলেজৰ অধ্যক্ষ ড০ ৰমেশ নাথ,অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও শাখাৰ সচিব মুনীন্দ্ৰ শইকীয়া, নগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি থগিত মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। সভাত অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানত কুৰিৰো অধিক কবিয়ে স্ব -ৰচিত কবিতা পাঠ কৰে। কবিতা পাঠৰ অনুষ্ঠানৰ সমীক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি দুলাল চন্দ্ৰ দাস।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us