ঐতিহ্য সংৰক্ষণৰ বাবে নগাঁও জিলা সাহিত্য সভা আৰু কামপুৰ মহাবিদ্যালয়ৰ চুক্তি সম্পন্ন

বৃহত্তৰ কামপুৰ অঞ্চলৰ ঐতিহ্যসমূহ সংৰক্ষণ কৰাৰ উদ্দেশ্যে নগাঁও জিলা সাহিত্য সভা আৰু কামপুৰ মহাবিদ্যালয়ৰ মাজত পোনপ্ৰথম বাৰৰ বাবে এখন ঐতিহাসিক চুক্তি সম্পন্ন হয়। 

author-image
Asomiya Pratidin
New Update
ঐতিহ্য সংৰক্ষণৰ বাবে নগাঁও জিলা সাহিত্য সভা আৰু কামপুৰ মহাবিদ্যালয়ৰ চুক্তি সম্পন্ন

ডিজিটেল সংবাদ, কামপুৰ:  নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কামপুৰ শাখা সাহিত্য সভাৰ সহযোগত কামপুৰ মহাবিদ্যালয়ত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। বৃহত্তৰ কামপুৰ অঞ্চলৰ ঐতিহ্যসমূহ সংৰক্ষণ কৰাৰ উদ্দেশ্যে নগাঁও জিলা সাহিত্য সভা আৰু কামপুৰ মহাবিদ্যালয়ৰ মাজত পোনপ্ৰথম বাৰৰ বাবে এখন ঐতিহাসিক চুক্তি সম্পন্ন হয়। 

Advertisment

কামপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত সভাখনত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শৰৎ বৰকটকী, সম্পাদক ৰাজীৱ হাজৰিকা, সাহিত্যিক ত্ৰিদিব লস্কৰ আৰু কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অসীম বৰা, অধ্যাপক দ্বীপ কলিতা আৰু অধ্যাপিকা বনশ্ৰী দেৱীৰ মাজত কামপুৰ অঞ্চলৰ ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে দুই পক্ষই এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

এই সম্পৰ্কত জিলা সভাপতি ড০ শৰৎ বৰকটকীয়ে কয় যে, এই চুক্তি অনুসৰি দুইপক্ষই বৃহত্তৰ কামপুৰ অঞ্চলৰ ভাষা সাহিত্যৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্ৰত ঐক্যবদ্ধ ভাবে পৰিকল্পনা যুগুত আৰু ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ, কামপুৰৰ বুৰঞ্জী প্ৰসিদ্ধ স্থানসমূহৰ অধ্যয়ন আৰু সংৰক্ষণৰ বাবে কামপুৰ মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলক উপযুক্ত জ্ঞান আৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ,  অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি আৰু সমন্বয় স্থাপন আৰু অটুট ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ, ইয়াৰ সফল ৰূপায়ণৰ বাবে সজাগতা সভা, বক্তৃতা অনুষ্ঠান আলোচনা চক্ৰ  আলোচনী পুস্তিকা প্ৰকাশ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সভাপতিগৰাকীয়ে কয়। 

কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অসীম বৰাকে ধৰি অধ্যাপক, অধ্যাপিকাসকলক নগাঁও জিলা সাহিত্য সভাৰ হৈ এই মহান উদ্দেশ্যৰ বাবে ড০ শৰৎ বৰকটকী, সম্পাদক ৰাজীৱ হাজৰিকা,  সাহিত্যিক সুৰজিৎ গোস্বামী দেৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অসীম বৰাই নগাঁও জিলা সাহিত্য সভাই লোৱা এনে পদক্ষেপক আদৰণি জনাই এতিয়াৰ পৰা আমি দুই পক্ষই কামপুৰৰ ঐতিহ্যসমূহ যাতে ধ্বংস নহয় তাৰ বাবে কাম কৰি যোৱাৰ দৃঢ়তা প্ৰকাশ কৰে আৰু ইয়াৰ বাবে কামপুৰ শাখা সাহিত্য সভা আৰু কামপুৰবাসী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰে। 

অধ্যক্ষগৰাকীয়ে লগতে কামপুৰ মহাবিদ্যালয়খনত কামপুৰ শাখা সাহিত্য সভাৰ এটি উপ শাখা গঠনৰ ব্যৱস্থা লোৱাৰ বিষয়ে কামপুৰ শাখাৰ লগত ইতিমধ্যে আলোচনা হৈছে বুলি জানিব দিয়ে। উল্লেখ্য যে কামপুৰৰ এই ঐতিহ্যসমূহ কেনেদৰে সংৰক্ষণ কৰিব পাৰি আৰু ভূগৰ্ভত লুকাই থকা আমাৰ ঐতিহ্যসমূহ কেনেদৰে খনন কৰি আমাৰ সম্পদ হিচাপে ৰাখিব পৰা যায়, লগতে এক গৱেষণাৰ প্ৰয়োজনৰ বাবে ছাত্র-ছাত্ৰীক আজিৰে পৰা মহাবিদ্যালয়খনত পুৰাতত্ববিদ অধ্যপিকা গিতালী শৰ্মা বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰে।

আজিৰ এই দিপাক্ষিক আলোচনাৰ সভাত অধ্যাপক দ্বীপ কলিতা, বনশ্ৰী দেৱী, সেউজ প্ৰতিম বৰা, কামপুৰ শাখা সাহিত্য সভাৰ সভাপতি লক্ষীকান্ত নাথ, সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী, পত্ৰিকা সম্পাদক প্ৰদ্যুম্ন বৰা, কবি, লেখক প্ৰদীপ বৰা, জ্যেষ্ঠ সাংবাদিক নীলকমল শইকীয়াকে ধৰি কবি সাহিত্যিকসকল উপস্থিত থাকে।

কামপুৰ সাহিত্য সভা