/asomiyapratidin/media/media_files/2025/06/19/nagaon-19-2025-06-19-22-19-34.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যেৰে আজি নগাঁৱত আহি উপস্থিত হয়হি নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা, মীন আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ প্ৰশমন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। এই উপলক্ষে নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত এখন পৰ্য্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
বৈঠকৰ আৰম্ভণিতে মন্ত্ৰী পালে মুখ্যমন্ত্ৰীয়ে অসমৰ চাহ বাগিছাসমূহত কাম কৰা শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা অভিলাসী আঁচনি "এটি কলি দুটি পাত" আঁচনিখনৰ অগ্ৰগতিৰ সন্দৰ্ভত জিলা শ্ৰম বিভাগৰ পৰা বুজ লয়। ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে লোকনিৰ্মাণ(পথ) বিভাগৰ অধীনত চলি থকা কামসমূহৰ বুজ লয়।
সভাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, জিলাখনত অৰুণোদয় ৩.০ৰ বৰ্তমানৰ স্থিতি আৰু অগ্ৰগতিৰ সম্পৰ্কত দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে মন্ত্ৰীগৰাকীক অৱগত কৰে। আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, মীন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পশু চিকিৎসা বিভাগ, জলসম্পদ বিভাগকে আদি কৰি বিভিন্ন বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ পৰা তেওঁলোকৰ বিভাগসমূহৰ কাম-কাজৰ বুজ লয় আৰু তেওঁ সকলো আঁচনিৰ কাম ক্ষীপ্ৰগতিৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
সভাত ৰাজহ, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰীগৰাকীয়ে বিভাগৰ কাম-কাজৰ অগ্ৰগতি দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে বুজ লয়।আজিৰ এই পৰ্য্যালোচনা সভাত নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেৱযানি চৌধুৰী, ৰহা আৰু কলিয়াবৰ সম জিলাৰ সম আয়ুক্তদ্বয়, জিলাৰ অতিৰিক্ত আয়ুক্তসকল, সমাজকৰ্মী ৰঞ্জিত বৰদলৈ, বাবুল বৰা, সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়াসকলকে প্ৰমুখ্য কৰি জিলাখনৰ সংশিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।